Showing posts with label poem. Show all posts
Showing posts with label poem. Show all posts

Tuesday, 29 July 2025

প্ৰকৃতিৰ সান্নিধ্য বিচাৰি


খেৰী ঘৰৰ  খোৰোঙত থকা ঘৰচিৰিকাজনী
চোতালত পৰি কুৰুলীয়াই থকা কপৌজনী
আজি বহুদিন দেখা নাই!

মোৰ ঘৰৰ কাষেদি বৈ যোৱা
জুৰিটিয়ে বা ক'লৈ গ'ল!
কংক্ৰীটৰ নগৰী,
কোলাহলপূৰ্ণ পথবোৰে 
দিয়েনে তোমাক মনৰ জুৰণি?

যন্ত্ৰ সৰ্বচ্চ তুমি, মই বোৰে
প্ৰাকৃতিক ক'ত এৰি আহিলোঁ!
কি লাগে আমাক?
কি বিচাৰিছোঁ আমি!
উত্তৰ নাই!

নোৱাৰি, এনেকৈ আৰু তোমাৰ অবিহনে
জীয়াই থাকিব নোৱাৰি।
আমাক আকৌ দিয়া প্ৰকৃতি
তোমাৰ সুন্দৰ সজীৱ কোলাত
খোজ বুলি আগুৱাই যাবলৈ দিয়া,
তুমি আঁতৰি নাযাব প্ৰকৃতি
আমি এতিয়া অনুতপ্ত!!

মল্লিকা দত্ত
ৰচনা কাল: ২০১৭, ৫ জুন।