P.C: own mobile click
মহী চন্দ্ৰ মিৰি(Mahi Chandra Miri):
পৃথিৱী বিখ্যাত কাজিৰঙাক গঢ় দিয়া ব্যক্তিগৰাকীআৰু আমাৰ কৰণীয়: Mahi chandra Miri, the man behind the Kazironga National Park
(২৯ জুলাই, মহীচন্দ্ৰ মিৰি দেৱৰ মৃত্যু তিথিত শ্ৰদ্ধা জ্ঞাপন কৰি তেখেতৰ বিষয়ে দুআষাৰ)
এইটো অনস্বীকাৰ্য যে, বিশ্বত অসমৰ পৰিচয় মূলতঃ দুটা ক্ষেত্ৰত। এটা হ'ল চাহ, আৰু আনটো হ'ল এশিঙীয়া গঁড়ৰ বাসভূমি। আৰু এই এশিঙীয়া গঁড়ৰ বাবেই জনাজাত হ'ল কাজিৰঙা। আজি আমি দ্বিতীয়টো ক্ষেত্ৰৰ বিষয়েহে আলোচনা কৰিবলৈ লৈছোঁ।
অতীতত কাজিৰঙা কেনে ৰূপত আছিল আৰু কেনেকৈ আজি ই এখন পৃথিৱী বিখ্যাত অভয়াৰণ্যত পৰিণত হ'ল, সেই কথা আমি কিমানেই বা জানো! সেইসময়ত কাজিৰঙা গেইম অভয়াৰণ্য ( Kaziranga Game Sanctuary) হিচাপে জনাজাত আছিল,যিখন আছিল অতি অৱহেলিত বনাঞ্চল। সেইসময়ত ইচোৰাং চিকাৰীৰ ৰম্য ভূমি আছিল। চোৰাং চিকাৰীৰ কৰাল গ্ৰাসৰ পৰা এই বনাঞ্চলক মুক্ত কৰি বিশ্ব বিখ্যাত কাজিৰঙা অভয়াৰণ্যলৈ উন্নীত কৰাত যি গৰাকী ব্যক্তিয়ে অহোপুৰুষাৰ্থ কৰিছিল, তেওঁ আছিল অসমৰ এগৰাকী সু- সন্তান মহীচন্দ্ৰ মিৰি। আজি সেই গৰাকী ব্যক্তিৰ বিষয়ে দুআষাৰ লিখিবলৈ লৈছোঁ:---
মহী চন্দ্ৰ মিৰিৰ জন্ম হৈছিল১৯০৩ চনত, লখিমপুৰ ঢকুৱাখনাৰ আলিমুৰ নামৰ এখন গাঁৱত। তেখেতৰ পিতৃ আহিল দলে মিৰি, যি মাজুলী সত্ৰৰ শিষ্য আছিল। তেওঁ নিজে শিক্ষিত নাছিল যদিও, পুত্ৰ মহীচন্দ্ৰ মিৰিক উচ্চ শিক্ষিত কৰিবলৈ সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰিছিল।দেউতাকে মহীচন্দ্ৰ মিৰিক শিৱসাগৰ টাউন হাই স্কুলত নাম লগাই দিয়ে। তাৰ বাবে দেউতাকে শিৱসাগৰত এটুকুৰা মাটি ভাড়াত লৈ এটা সৰু খেৰী ঘৰ সাজি দিছিল।তাতে পঢ়ি মহী চন্দ্ৰ মিৰিয়ে সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত ১৯২৩ চনত তেওঁ গুৱাহাটীৰ কটন কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰে।
কটন কলেজত মহীচন্দ্ৰ মিৰি আছিল হিন্দু হোষ্টেলত। তেওঁৰ ব্যক্তিত্ব এনে আছিল যে সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ আছিল।পঢ়া- শুনা ,খেলা -ধূলা সকলোতে আগৰণুৱা ব্যক্তি আছিল মহীচন্দ্ৰ মিৰি । তেওঁ টেবুল টেনিছ খেলিও ভাল পাইছিল। মহীচন্দ্ৰ মিৰি আছিল এজন নিয়মানুৱৰ্তী, সু-শৃংখল, মৃদু ভাষী ব্যক্তি।
মহীচন্দ্ৰ মিৰিয়ে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক হয়। তদুপৰি তেওঁ আছিল ব্ৰিটিছ Imperial Forest Service লৈ উত্তৰ পূৱৰ পৰা বাচনি হোৱা প্ৰথম গৰাকী দুগৰাকী ব্যক্তিৰ এজন। আন গৰাকী ব্যক্তি আছিল মাধৱ ভট্টাচাৰ্য। এওঁলোক দুয়োকে ১৯২৯ চনত ব্ৰিটিছ চৰকাৰে ৰেংগুনৰ ফৰেষ্ট কলেজলৈ ট্ৰেইনিং লবলৈ পঠিয়াই। ট্ৰেইনিং ৰ পৰা অহাৰ পাছত চৰকাৰে তেওঁক ১৯৩১ চনত গুৱাহাটীত অতিৰিক্ত সহকাৰী বন সংৰক্ষক(Extra Assisstant Conservator of Forest) হিচাপে নিযুক্তি দিয়ে।
মহীচন্দ্ৰ মিৰিৰ বিবাহ সম্পন্ন হৈছিল ১৯৩২ চনত, ৰায়চাহাব সোনাধৰ সেনাপতিৰ বিদুষী কন্যা ইন্দিৰা সেনাপতিৰ লগত। সেই সময়ত অতি প্ৰত্যাহ্বানৰ সন্মুখীন হৈও স্বৰ্গীয় সোনাধৰ সেনাপতিয়ে নিজৰ জীয়াৰীক মহীচন্দ্ৰ মিৰিলৈ বিয়া দিছিল এক মাত্ৰ তেওঁৰ ব্যক্তিত্ব, বুদ্ধিমত্তাত মুগ্ধ হৈ।এই অসবৰ্ণ বিবাহৰ ক্ষেত্ৰত তেখেতৰ পত্নী ইন্দিৰা মিৰিয়ে লিখিছে, " তেখেতৰ নাৰীৰ প্ৰতি অসীম শ্ৰদ্ধা আছিল। সেয়েহে মই শ্বিলং ,কলিকতাত ডাঙৰ হৈও অতি সহজেই বর্তিব পাৰিছিলোঁ জনজাতি মিৰিসকলৰ মৌখোৱা গাঁৱত।"
মহীচন্দ্ৰ মিৰিৰ পিতৃ -মাতৃ আছিল অতিশয় সহজ সৰল আৰু মৰমিয়াল। গোঁসাইৰ শিষ্য আছিল যদিও তেওঁলোকে বোৱাৰীয়েকৰ হাতেৰে খাবলৈ দ্বিধাবোধ নকৰিছিল।এনে বহল মনৰ পিতৃ-মাতৃৰ সন্তান মহীচন্দ্ৰ মিৰিৰো কিন্তু পিতৃ মাতৃৰ প্ৰতি ভক্তি আৰু দায়িত্ববোধ আছিল অসীম। সেই কথা তেখেতৰ পত্নী ইন্দিৰা মিৰিয়ে তেওঁৰ আত্ম জীৱনী "মই আৰু নেফা"ত উল্লেখ কৰি লিখিছিল --জনজাতীয় সমাজৰ এটি প্ৰচলিত পানীয় আপং। পিতৃ মাতৃক আপং খোৱা দেখিলে বেয়া পাব বুলি ভাবি তেওঁলোকৰ বিয়াৰ প্ৰায় এসপ্তাহৰ পাছত তেওঁ পত্নী ইন্দিৰা মিৰিক কৈছিল, " দেউতাহতে বহু দিন আপং খোৱা নাই। মতি( তেওঁলোকৰ কাম কৰা ল'ৰা)ক সিহঁতৰ ঘৰতে কৰা এটেকেলি আপং আনি দিবলৈ কৈছিলোঁ। সিয়ো আজিলৈ নানিলে। মই দোকানৰ পৰা এবটল আনি দিলে তুমি বেয়া পাবা নেকি?" তেওঁ পিতৃ মাতৃৰ বাবেহে এনে যোগাৰ দিছিল ,নিজে কিন্তু খোৱা নাছিল। এই কথা গম পোৱা যায় ইন্দিৰা মিৰিৰ আত্ম জীৱনীত।
মহীচন্দ্ৰ মিৰিৰ নিজৰ গাঁও খনৰ প্ৰতিও আছিল অসীম মৰম আৰু শ্ৰদ্ধা। গাঁৱলৈ গ'লে পথাৰত হাল বাইছিলগৈ। তেওঁ দেখিছিল, মিৰি চাং ঘৰৰ সন্মুখভাগত যথেষ্ট লেতেৰা হৈ থাকে। তেখেতে গাঁৱৰ ডেকাসকলক লৈ সেই আৱৰ্জনা আঁতৰাই পৰিষ্কাৰ কৰাইছিল।আলি পদূলিবোৰ ভাল কৰাইছিল। তেওঁ মিছিং সমাজক শিক্ষিত হোৱাটো অন্তঃকৰণেৰে বিছাৰিছিল। বহু মিছিং ল'ৰাক তেখেতে পঢ়াৰ খৰছ বহন কৰি নিজৰ লগত ৰাখি পঢ়াইছিল।
সৰুৰে পৰা প্ৰকৃতিৰ লগত ডাঙৰ দীঘল হোৱা মহীচন্দ্ৰ মিৰিয়ে জীৱনত তেনে কামেই কৰিবলৈ পালে।তেখেত আছিল অসমৰ প্ৰথম গৰাকী মুখ্য বনসংৰক্ষক বিষয়া। এজন দক্ষতা সম্পন্ন নেতৃত্বশীল ব্যক্তি মহীচন্দ্ৰ মিৰিয়ে প্ৰবীণ ব্ৰিটিছ বন বিষয়া A. J Miloy চাহাব আৰু তেওঁৰ সহযোগী কৰ্মচাৰী সকলৰ সৈতে মিলি কাজিৰঙাক পুনৰুদ্ধাৰ কৰাত সফল হৈছিল। এইখিনিতে উল্লেখযোগ্য যে, A. J Miloy চাহাবৰ অসমৰ বনাঞ্চল আৰু ইয়াৰ সম্পদ সংৰক্ষণত যথেষ্ট অৱদান আছে। তেখেতৰ প্ৰচেষ্টাতে মানস সংৰক্ষিত বনাঞ্চলৰ পৰা গঁড় আৰু হাতীৰ চোৰাং বেহা বন্ধ হৈছিল। অসমৰ বনাঞ্চললৈ অৱদান আগবঢ়োৱা আন এজন ইংৰাজ প্ৰকৃতিবিদ আছিল E. P Gee, যি মহীচন্দ্ৰ মিৰিক জৰীপত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰাত সহায় কৰিছিল।
সি যি কি নহওঁক,১৯৩৪ চনত তেওঁক গুৱাহাটীৰ পৰা কাজিৰঙাৰ বাগৰিত ৰেঞ্জলৈ বদলি কৰে। ইয়াত মহীচন্দ্ৰ মিৰিক এক প্ৰত্যাহ্বান মূলক দায়িত্ব দিয়া হৈছিল, সেইয়া হৈছে--- কাজিৰঙাখন জৰীপ কৰি থান-থিত লগোৱা।কিয়নো সেই সময়ত কাজিৰঙা চোৰাং চাকৰিৰ ৰম্যভূমিত পৰিণত হৈছিল। দায়িত্ব লৈয়ে তেখেতে বাগৰিৰ এডোখৰ সুবিধাজনক ঠাইত এটি অস্থায়ী কেম্প সাজে, য'ৰ পৰা তেওঁৰ কাজিৰঙাখন নিৰীক্ষণ কৰাত সুবিধা হয়। কাজিৰঙাত মহীচন্দ্ৰ মিৰিৰ উপস্থিতি এক বোমা বিস্ফোৰণৰ লগত তুলনা কৰিব পাৰি। তেওঁ যোগদান কৰাৰ লগে লগে চোৰাং চিকাৰীৰ গতি বিধি কমি আহিছিল। তেওঁ যেতিয়া জঙ্গলত সোমাইছিল ,তেতিয়া দেখিছিল কেইবা ডজন খালি হৈ পৰি থকা চোৰাং চিকাৰীৰ বাহৰ। বাগৰিত যোগদান কৰিয়ে মহীচন্দ্ৰ মিৰিয়ে নিৰৱচ্ছিন্ন ভাবে জঙ্গলত ঘূৰিবলৈ ধৰিলে। চোৰাং চিকাৰীৰ কৱল পৰা কাজিৰঙাক মুক্ত কৰিবলৈ তেওঁ পুৱা তিনি বজাত উঠি দিনৰ এঘাৰ বজালৈকে হাতীত উঠি জংঘলত তহল দিবলৈ ল'লে। তদুপৰি তেখেতে কাজিৰঙাৰ গাতে লগা কাৰ্বি আংলংৰ এটা পাহাৰৰ টিঙত বাইন'কুলাৰ লৈও চোৰাং চিকাৰী নিৰীক্ষণ কৰিছিল। এই পাহাৰৰ টিঙক ১৯৭০ চনত মহী মিৰি টিং নামে নামাকৰণ কৰা হয়।
তেওঁ কাজিৰঙাৰ বন্য প্ৰাণী সুৰক্ষাৰ বাবে কিমান কষ্ট কৰিছিল, সেই কথা তেখেতৰ পত্নী পদ্মশ্ৰী ইন্দিৰা মিৰিয়ে তেওঁৰ আত্ম জীৱনীত এনেদৰে লিখিছে-- " মোৰ স্বামী স্বৰ্গীয় মহীচন্দ্ৰ মিৰি বন বিভাগৰ উচ্চপদস্থ বিষয়া আছিল। মোৰেই সৌভাগ্য -এক দেৱতুল্য পিতৃ এৰি এজন মহান স্বামী লাভ কৰিছিলোঁ।তেখেতৰ সত্য নিষ্ঠা, কৰ্মশীলতা ,জ্ঞানৰ গভীৰতা আৰু দায়িত্ববোধৰ অপূৰ্ব চৰিত্ৰই মোক বিশেষ ভাবে আকৰ্ষণ কৰিছিল।তেখেতে যি নিষ্ঠা আৰু দায়িত্ববোধেৰে কাজিৰঙা অভয়াৰণ্য গঢ়িছিল তাক দেখা জনেহে উপলব্ধি কৰিব পাৰিছিল, নেদেখা জনৰ বাবে এনে তন্ময় কৰ্ম নিষ্ঠা কল্পনাতীত।"
মহী চন্দ্ৰ মিৰি বাগৰি অঞ্চলৰ গাঁও বাসীৰ প্রিয় আছিল। সাপ ওলালে গাঁৱৰ ৰাইজ তেওঁৰ ওচৰলৈ দৌৰি আহিছিল। তেওঁ সাপ ধৰাত পাকৈত আছিল। ইয়াৰ উপৰি মহী চন্দ্ৰ মিৰি আছিল প্ৰথম গৰাকী ব্যক্তি, যি জীৱন্তে এটি গঁড় ধৰিছিল। এই গঁড় পাছত USA লৈ প্ৰেৰণ কৰা হৈছিল।
১৯৩৮ চনৰ শেষৰ ফালে তেওঁ গোলাঘাটলৈ বদলি হৈ যায় আৰু তাতে ১৯৩৯ চনৰ ২৯ জুলাইত মাত্ৰ ৩৮ বছৰ বয়সত কলা জ্বৰত আক্ৰান্ত হৈ তেখেত স্বৰ্গগামী হয়।তেখেতৰ মৃত্যু সময়ত তেখেতৰ দুই সন্তান আৰু সন্তান সম্ভৱা পত্নীক এৰি থৈ যায়।
এনে এগৰাকী প্ৰকৃতি প্ৰেমী, যি জীৱনৰ সৰহভাগ সময় কাজিৰঙাৰ গঁড়, হাতী আৰু অন্যান্য বন্যপ্ৰাণী আৰু বনাঞ্চল সুৰক্ষাৰ বাবে ত্যাগ কৰিছিল। তেওঁৰ বাবেই এশিঙীয়া গঁড়ৰ বাসভূমি কাজিৰঙাই পৃথিৱীত এক পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ল। তেখেতৰ মৃত্যু অসমৰ এক অপুৰণীয় ক্ষতি। তেখেতৰ বিষয়ে ইংৰাজ প্ৰকৃতিবিদ, বন্যপ্ৰাণী বিশাৰদ, Edward Pritchard Gee(E. P. Gee) তেখেতৰ লিখিছে, "The man who put Kaziranga in world map, "তেখেতৰ মৃত্যুত কংজাৰভেটৰ মেকাৰৰ্ণেছ চাহাবে লিখিছিল," We have lost the jewel of the forest department."
এইসকল বিদেশী লোকে তেওঁৰ অৱদান যিদৰে উপলব্ধি কৰিছিল, আমি বাৰু পৰিছোনে কৰিব?
বিশেষ দষ্ট্রব্য: কাজিৰঙাক বিশ্ব দৰবাৰত তুলি ধৰি স্বৰ্গীয় মহীচন্দ্ৰ মিৰিদেৱে অসম তথা ভাৰতলৈ যি অৱদান আগবঢ়াই থৈ গ'ল,সেইয়া অতুলনীয়। কিন্তু এতিয়ালৈকে তেখেতে তেখেতৰ যোগ্য সন্মানৰ পৰা বঞ্চিত হৈ আছে যেন বোধ হয়! তেখেতৰ নামত নামকৰণ কৰা কাজিৰঙাৰ "মহী মিৰি টিং" ৰো কোনো যত্ন নাই। অনাদৰত এক এৰাপৰলীয়া ঠাইলৈ পৰ্যবসিত হৈছে। এইয়া জানো তেখেতৰ প্ৰতি আমি যচা যোগ্য সন্মান?এই টিংৰ কাষেদি পাৰহৈ যোৱা ৰাষ্ট্রীয় পথছোৱা "মহী মিৰি টিং কৰিদ'ৰ" বুলিও আখ্যা দিব পৰা যায়! তদুপৰি আমি ভাবো ,তেখেতক মৰণোত্তৰ ভাবে হ'লেও ভাৰতৰ চৰকাৰৰ পৰা উপযুক্ত সন্মান প্ৰদান কৰা হ'লে তেখেতৰ কামক যোগ্য স্বীকৃতি দিয়া হ'ল হেঁতেন! লগতে বন্যপ্ৰাণী সংৰক্ষণ প্ৰতি তেখেতৰ যি প্ৰচেষ্টা তাৰ লগত সংগতি ৰাখি তেখেতৰ মৃত্যু দিনটিত বিদ্যালয়সমূহতএক সজাগতা মূলক অনুষ্ঠান পতাৰো ব্যৱস্থা কৰিলে ,সকলোৱে তেওঁক মনত ৰখাৰ লগতে তেখেতৰ প্ৰতিও উচিত সন্মান প্ৰদৰ্শন কৰা হ'ব। আজিৰ প্ৰজন্মই তেওঁক ভালদৰে নাজানে, গতিকে তেখেতৰ নামত কোনো ফৰেষ্ট কলেজ বা অভয়াৰণ্যৰ নাম নামাকৰণ কৰিলে তেখেতৰ প্ৰতি সন্মান যচাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও চিনাকি হৈ ৰ'ব! আমি আশাকৰোঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত এইগৰাকী অসমৰ সু সন্তানে যোগ্য সন্মান লাভ কৰিব!*
(উৎস: গ্ৰন্থ: ডঃ ইন্দিৰা মিৰিৰ আত্ম জীৱনী "মই আৰু নেফা", Article: Curzon, Miri and Kaziranga by Ramani kanta Deka, Ex president of Kaziranga Wildlife Society, আৰু
http://mishingrenaissance.blogspot.com/2008/11/man-behind-kaziranga-national-parkmahi.html?m=1)
মল্লিকা দত্ত,
তেজপুৰ, শোণিতপুৰ, অসম।
ফোন নম্বৰ: ৯৬৭৮৫৫৪৫০৩
No comments:
Post a Comment