ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰামপ্ৰসাদ বিছমিল
চৰফৰ'চি কি তমান্না
অব হামাৰে দিল মে হেয়..
দেখনা হে জোৰ কিটনা,
বাজু- এ- কাটিল মে হেয়?....
এই গীত গায় গায় ক'ত জন যে হাঁহি হাঁহি ফাঁচী কাঠ ওলমি শ্বহীদ হ'ল, এক মাত্ৰ দেশক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ। এই গীতে যেন মৃত্যুক ও জয় কৰিছিল। দেশবাসীৰ অন্তৰত দেশপ্ৰেমৰ ভাব জাগ্ৰত কৰাত এক বিশেষ ভূমিকা লৈছিল এই গীতে। স্বাধীনতা সংগ্ৰামৰ শ্বহীদ ৰামপ্ৰসাদ বিছমিলৰ কলমেৰে নিগৰি ওলোৱা এইটি এটি উৰ্দু কবিতা আছিল , যি পাছত গীতৰ ৰূপ পাইছিল।
এই গীতৰ ৰচয়িতা ৰামপ্ৰসাদ বিছমিলৰ জন্ম হৈছিল ১৮৯৭ চনৰ ১১ জুনত, উত্তৰ প্ৰদেশৰ শ্বাহজানপুৰ জিলাত। ৰামপ্ৰসাদ বিছমিল আছিল ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তদুপৰি তেখেত আছিল এগৰাকী কবি, আৰু লেখক। তেখেতৰ উৰ্দু, হিন্দী, ইংৰাজী আৰু বাংলা ভাষাত যথেষ্ট দখল আছিল। তেখেতে বিভিন্ন লিখা বোৰ বেলেগ বেলেগ ছদ্ম নামত লিখিছিল, যেনে:-- হিন্দীত ৰাম, উৰ্দুত অগিয়ত আৰু বিছমিল। কিন্তু তেওঁ বিছমিল নামেৰে বেছি জনপ্ৰিয়তা লাভ কৰিছিল। ৰামপ্ৰসাদ বিছমিল আৰ্য সমাজৰ লগত সম্পৰ্ক আছিল আৰু তেওঁ স্বামী দয়ানন্দ সৰস্বতীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ভগৎ সিঙে তেওঁক বৰ ভাল পাইছিল।
উত্তৰ প্ৰদেশৰ এটি ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰামপ্ৰসাদ বিছমিলে দেউতাকৰ পৰা হিন্দী ভাষা শিকিছিল। আৰু উৰ্দু শিকিবলৈ দেউতাকে তেওঁক পঠাইছিল মৌলবীৰ ওচৰলৈ। দেউতাকৰ আপত্তি স্বত্তেও তেওঁ এখন ইংৰাজী স্কুলত নাম ভৰ্তি কৰিছিল আৰু তাৰ পাছত যোগ দিছিল আৰ্য সমাজত।
চৰকাৰ বিৰোধী কাৰ্য্য কলাপৰ বাবে বহুতৰ লগত তেওঁও ব্ৰিটিছ চৰকাৰৰ হাতত ধৰা পৰে। ১৮ মাহ ধৰি চলা বিচাৰৰ শেষত আছফাকুল্লা খান, ৰাজেন্দ্ৰ নাথ লাহিড়ি, চন্দ্ৰশেখৰ আজাদৰ লগতে ৰামপ্ৰসাদ বিছমিলক মৃত্যু দণ্ডৰে দণ্ডিত কৰে ব্ৰিটিছ চৰকাৰে। ১৯২৭ চনত ১৯ ডিচেম্বৰত বিছমিলক গোড়খপুৰ কাৰাগাৰত ফাঁচী দিয়া হয়। সেইসময়ত বিছমিলৰ বয়স আছিল মাত্ৰ ৩০ বছৰ। এইদৰেই এজন প্ৰতিভাশালী সফল ডেকাই দেশৰ স্বাধীনতাৰ হকে ফাঁচিৰ মঞ্চত শ্বহীদ হয়।
জীৱিত কালত ৰামপ্ৰসাদ বিছমিলে অনেক গ্ৰন্থ ৰচনা কৰিছিল আৰু তেওঁৰ জীৱন কালতেই প্ৰকাশ কৰিছিল। কিন্তু ইংৰাজ চৰকাৰে তেওঁৰ সমস্ত গ্ৰন্থ নিষিদ্ধ ঘোষণা কৰিছিল। ভাৰতবাসীয়ে এইগৰাকী দেশপ্ৰেমীক সদায় মনত ৰাখিব।
No comments:
Post a Comment