You Tube link to listen the Audio
Bibidha
Tuesday, 29 July 2025
নাটিকা: সংৰক্ষণৰ যাত্ৰাত চিন্তুহঁতৰ চিন্তা
https://youtu.be/tPqemorFw0Ahttps://youtu.be/tPqemorFw0A
২০২১ বৰ্ষৰ সৰস্বতী পূজা উপলক্ষে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা "প্ৰজ্ঞা" প্ৰকাশ কৰা হয়, যোৱা ১৬ ফেব্ৰুৱাৰী ,২০২১ তাৰিখে। পঞ্চম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক লগত লৈ এই কাম বিদ্যালয়ৰ দৈনন্দিন সময় সূচীৰ মাজৰ ফাঁকে ফাঁকে এই কাম সম্পন্ন কৰা হয়। মোৰ লগত সহযোগ কৰা ছাত্ৰ ছাত্ৰী কেইগৰাকী ক্ৰমে.. পঙ্খী শইকীয়া, নৈঋত জ্যোতি বৈশ্য, ঋষিতা পাল, সঞ্জু দাস,নিহাৰিকা বৰ্মন আৰু পায়েল মালাকাৰ। সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত পত্ৰিকা খনি উন্মোচন কৰে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰীযুতা ৰূপজ্যোতি নেওগ বাইদেউৱে।
২০২১ বৰ্ষৰ সৰস্বতী পূজা উপলক্ষে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা "প্ৰজ্ঞা" প্ৰকাশ কৰা হয়, যোৱা ১৬ ফেব্ৰুৱাৰী ,২০২১ তাৰিখে। পঞ্চম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক লগত লৈ এই কাম বিদ্যালয়ৰ দৈনন্দিন সময় সূচীৰ মাজৰ ফাঁকে ফাঁকে এই কাম সম্পন্ন কৰা হয়। মোৰ লগত সহযোগ কৰা ছাত্ৰ ছাত্ৰী কেইগৰাকী ক্ৰমে.. পঙ্খী শইকীয়া, নৈঋত জ্যোতি বৈশ্য, ঋষিতা পাল, সঞ্জু দাস,নিহাৰিকা বৰ্মন আৰু পায়েল মালাকাৰ।
শিশু নাটিকা"সংৰক্ষণৰ যাত্ৰাত চিন্তুহঁতৰ চিন্তা"ৰচনা: মল্লিকা দত্ত
https://youtu.be/tPqemorFw0A
দৃশ্য-১
(নেপথ্যত: এদিন ঘৰচিৰিকা কেইটামানে মানুহ এঘৰৰ চোতালত পৰি থকা খাদ্য খাই আছিল। তেনেতে...
কা,কা, কা...)
ঘৰচিৰিকা:অ কাউৰী ককাই, তুমি আকৌ আমাৰ মাজলৈ কিয় আহিলা? যেনেতেনে অকণমান আহাৰ পাইছোঁ, তাকে যদি তুমি খায় পেলোৱা, তেনেহ'লে আমি কি খাম? সেই বাবেই তোমালোকক আমি ভাল নাপাওঁ!
কাউৰী:তোমালোকে মোক ভাল নাপালে কি হ'ব!মই যে মানুহৰ কিমান কামত আহোঁ,তোমালোকে কি বুজিবা!!
ঘৰচিৰিকা:কিনো মানুহৰ কামত অহা কাম কৰা তুমি?
কাউৰী:মই যে মানুহে পেলোৱা গেলা-পঁচা বস্তুবোৰ খাই ঠাই বোৰ চাফা কৰি ৰাখোঁ! আগতে আমাৰ সংখ্যা বহুত আছিল। আজি কালি থাকিবলৈ ঠাই নোহোৱা বাবে কমি গৈছে। গতিকে আমি কেইজনমানেই যিমান পাৰোঁ পেলনীয়া বস্তুবোৰ খাওঁ আৰু ঠাইবোৰ চাফা কৰোঁ।
ঘৰচিৰিকা: অ হয় নেকি? সেইবাবে মানুহে চাগে তোমালোকক ভাল পায়!
কাউৰী: নাজানো!আমাৰ লগৰীয়া বন্ধু শগুন, হাড়গিলা, এওঁলোক থাকোতে আমাৰ বৰ ভাল লাগিছিল।আমি সকলোৱে পেলনীয়া বস্তু, মৰা জীৱ-জন্তু আদি মিলি জুলি খাইছিলোঁ। কিন্তু এতিয়া তেওঁলোকক দেখিবলৈকে নোপোৱা হ'লো! তেওঁলোকৰ ঠাইবোৰ মানুহেই নোহোৱা কৰিলে, ওখ ওখ গছবোৰ কাটি কাটি!!
ঘৰচিৰিকা: আমাৰো চাগে এদিন তেনে দশাই হ'ব!আজি কালি আমাৰো থাকিবলৈ ঠাই নোহোৱা হৈছে। সকলোৱে আজি কালি পকা ঘৰ বনায়।খেৰৰ ঘৰবোৰ নোহোৱা হ'ল, গতিকে আমাৰো বাসস্থান নোহোৱা হ'ল।
কাউৰী: এৰা, কি কৰিবা!! তোমালোকেও ঘৰ সাজিবলৈ খেৰীঘৰৰ সলনি বেলেগ ঠাই লোৱা।
ঘৰচিৰিকা: হয়, ঠিকেই কৈছা! আমিও আমাৰ অভ্যাস সলনি কৰিব লাগিব।নহ'লে যে জীয়াই থকা টান হ'ব! আমিও টো খেতি পথাৰৰ অনিষ্টকাৰী পোক-পতংগ খাই মানুহক সহায় কৰোঁ। তেওঁলোকে বাৰু আমাৰ কথা কিয় নাভাবে!!
দৃশ্য-২
(চিন্তু আৰু ৰুবুলৰ কথোপকথন)
চিন্তু: ৰুবুল, বাহিৰত অকলে অকলে কি কৰি আছ'?
ৰুবুল: অ'চিন্তু! ৰ', কালি মই নতুন কথা এটা জানিলো।তাকে অলপ নিজে কৰিবলৈ চেষ্টা কৰি আছো।
চিন্তু: কি কথানো, মোকো ক'চোন।
ৰুবুল: কালি মই মাৰ লগত মামাৰ ঘৰলৈ গৈছিলো।আৰু তাত দেখিলো, মামাহতৰ ঘৰৰ চাঁদৰ ওপৰৰ চুকত, ভেন্টিলেটৰৰ ফাঁকত আৰু য'ত য'ত ঘৰৰ ওপৰত অলপ সুৰুঙা নিচিনা আছে, তাতে মামাই জোতা অনা কাগজৰ খালী বাকচবোৰ থৈ দিছে।আৰু বাকচ বোৰত একোটাকৈ ফুটাও কৰি দিছে, চৰাই এটা ওলোৱা সোমোৱা কৰিব পৰাকৈ।
চিন্তু: তাৰ পাছত?
ৰুবুল: তাত দেখিলো, সেই জোতা বাকচবোৰত ঘৰচিৰিকাই বাঁহ পাতি বহুতো পোৱালী জগাইছে।কোনোটো বাকচত কণী পাৰি থৈছে। কোনোটোত আকৌ পোৱালি উৰিব পৰা হৈছে।
চিন্তু: এ হয় নেকি?
ৰুবুল: অ', তাকে দেখি মইও আজি চেষ্টা কৰিছোঁ, ঘৰচিৰিকাৰ বাবে ঘৰ সাজিবলৈ।
চিন্তু: ইচ, ইমান যে ভাল কথা এটা শিকিলোঁ!! আজি কালি ঘৰচিৰিকা লুপ্ত হবলৈ ধৰা বাবেইটো বিশ্ব ঘৰচিৰিকা দিৱস প্ৰতি বছৰে পালন কৰা হয়,২০ মাৰ্চত। আমি যদি প্ৰত্যেকেই এনেধৰণৰ কাম কৰো, ঘৰচিৰিকা লুপ্ত হোৱাৰ পৰা নিশ্চয় কিছু বচাব পাৰিম!
(জানমণিৰ প্ৰৱেশ)
জানমণি: চিন্তু, ৰুবুল, কি কৰিছ? আজি যে দেওবাৰ পাহৰিলি নেকি? আমি যে আজি গান শিকিবলৈ যোৱাৰ কথা আছিল ,লিলি বাইদেউৰ পৰা, পাহৰিলি?
চিন্তু: অ', জানমণি। হয়তো, পাহৰিছিলোয়েই!পিছে ৰুবুলে কি কাম কৰিছে মন কৰিছনে নাই?
জানমণি: কি কাম কৰিছনো ৰুবুল ,চাওঁ?
চিন্তু:ই ঘৰচিৰিকা চৰাইৰ বাবে বাঁহ সাজিছে, পেলনীয়া জোতা বাকচবোৰৰ পৰা। মই ভাবিছোঁ, মইও বনাম।
জানমণি: অ',হয় নেকি? ইমান যে ভাল কাম কৰিছ ৰুবুল! মই যে চৰাই বৰ ভাল পাওঁ।আমাৰ ঘৰৰ তামোল গছত আগতে কেইটামান টোকোৰা চৰাই বাঁহ দেখিছিলো । এতিয়া নোহোৱা হ'ল। ক'লৈ গ'ল জানো চৰাইবোৰ!!
চিন্তু: তহঁতে আৰু এটা কথা গম পাৱনে নাই নাজানো! গোলকীয় উষ্ণতাৰ বাবে আমাৰ পৃথিৱীৰ পৰা বহুতো প্ৰাণী বিলুপ্ত হ'বলৈ গৈ আছে। অধিক উষ্ণতা হ'লে চৰাইও বাচি থাকিবলৈ টান হয়।কোৱা শুনিছোঁ, এই বছৰ হেনো তাপমাত্ৰা আৰু বাঢ়িব!
ৰুবুল: মইও শুনিছোঁ কথাটো। মামায়ে ক'লে। আৰু কৈছে যে উষ্ণতা বাঢ়িলে চৰাই-চিৰিকতিৰ বাবে পানীৰো বেছি প্ৰয়োজন হ'ব। সেইবাবে ঘৰৰ চাদত, বা বাহিৰৰ চোতালত কিবা পাত্ৰত সদায় সিহঁতৰ বাবে পানী থোৱাৰ ব্যৱস্থা কৰিব লাগে।
জানমণি: অ', হয় নেকি? মই আজিয়ে থ'মগৈ।
চিন্তু: মইও ৰাখিম।মাটিৰ পাত্ৰ লওঁ যদি কেনে হ'ব বাৰু?
ৰুবুল: বৰ ভাল হ'ব। মই মামাক দেখিছো, মাটিৰ পাত্ৰত পানী আৰু আৰু কিছুমান শস্যৰ গুটিও চৰাইৰ বাবে ৰাখিছে।
চিন্তু:ৰুবুল, আজি তোৰ পৰা কেইবাটাও কথা । তোক অশেষ ধন্যবাদ। ব'ল, এতিয়া আমি লিলি বাইদেউৰ ঘৰলৈ যাওঁ।
দৃশ্য-৩
কাউৰী: হেৰা ঘৰচিৰিকা ভন্টী, আজি কালি তোমাক নেদেখাই হ'লো!
ঘৰচিৰিকা: অ', কাউৰী ককাই! মই আজি কালি এটা নতুন অভ্যাস ল'লো। কিছুদিনৰ আগতে মানুহ এঘৰত দেখিলো, কিবা বাকচ কিছুমান ওপৰত থৈ দিছে। তাতে সোমাই থাকিবলৈ ল'লো। লাহে লাহে বাঁহো বনালো। পোৱালী ও জগালো।এতিয়া আমি তাতে থাকো। বৰ নিৰাপদে আছো, জানা!
কাউৰী: এ, হয় নেকি? বৰ ভাল কথা। থাকা থাকা, ভালে থাকা! মই বাৰু মাজে মাজে আহিম। আজিলৈ যাওঁ দেই!
(কা, কা,কা...)
বি: দ্ৰ: নাটিকা খনি তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ ওমলা ঘৰ অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ইতিপূৰ্বে পৰিবেশিত।
---------###--------###--------###-------###-------
প্ৰকৃতিৰ সান্নিধ্য বিচাৰি
খেৰী ঘৰৰ খোৰোঙত থকা ঘৰচিৰিকাজনী
চোতালত পৰি কুৰুলীয়াই থকা কপৌজনী
আজি বহুদিন দেখা নাই!
মোৰ ঘৰৰ কাষেদি বৈ যোৱা
জুৰিটিয়ে বা ক'লৈ গ'ল!
কংক্ৰীটৰ নগৰী,
কোলাহলপূৰ্ণ পথবোৰে
দিয়েনে তোমাক মনৰ জুৰণি?
যন্ত্ৰ সৰ্বচ্চ তুমি, মই বোৰে
প্ৰাকৃতিক ক'ত এৰি আহিলোঁ!
কি লাগে আমাক?
কি বিচাৰিছোঁ আমি!
উত্তৰ নাই!
নোৱাৰি, এনেকৈ আৰু তোমাৰ অবিহনে
জীয়াই থাকিব নোৱাৰি।
আমাক আকৌ দিয়া প্ৰকৃতি
তোমাৰ সুন্দৰ সজীৱ কোলাত
খোজ বুলি আগুৱাই যাবলৈ দিয়া,
তুমি আঁতৰি নাযাব প্ৰকৃতি
আমি এতিয়া অনুতপ্ত!!
মল্লিকা দত্ত
ৰচনা কাল: ২০১৭, ৫ জুন।
পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহালানবিশ(Prasnta chandra Mohalanobis)
প্ৰশান্ত চন্দ্ৰ মহালানবীশ
ভাৰতৰ পৰিসংখ্যাবিদ, বিজ্ঞানী প্ৰশান্ত চন্দ্ৰ মহালানবীশৰ জন্ম হৈছিল ১৮৯৩ চনৰ ২৯ জুন তাৰিখে।তেওঁৱেই পোন প্ৰথমে পৰিসংখ্যাও যে এক অধ্যয়নৰ বিষয়, সেই ধাৰণা অৱগত কৰিছিল।আৰু এই কাৰণতেই তেওঁ সমগ্ৰ বিশ্বত চিৰস্মৰণীয় হৈ আছে। তেখেতৰ দ্বাৰা আৱিষ্কৃত Mahalanobish Distance এতিয়াও জনগণনাৰ বাবে ব্যৱহাৰ হয়।প্ৰশান্ত চন্দ্ৰ মহালানবীশে প্ৰথমে কলকাতা প্ৰেচিডেনচি কলেজত পদাৰ্থ বিজ্ঞানৰ শিক্ষকতা কৰিছিল।কিন্তু তাতে তেওঁ পৰিসংখ্যা বিজ্ঞান চৰ্চাৰ বাবে এক পৃথক প্ৰতিষ্ঠানৰ কথা সদায়ে প্ৰয়োজন বোধ কৰিছিল। সেয়ে তেখেতৰ উদ্যোগতে ১৯৩১ চনত গঢ়ি উঠে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান( Indian Statistical Institute)।এই প্ৰতিষ্ঠানে এতিয়া পৰিসংখ্যা বিজ্ঞান চৰ্চাৰ বাবে ভাৰত তথা সমগ্ৰ বিশ্বতে এক সুকীয়া মৰ্যাদা লাভ কৰিছে।
ভাৰত চৰকাৰৰ পঞ্চ বাৰ্ষিক পৰিকল্পনা আৰু তাৰ সফল ৰূপায়নত প্ৰশান্ত চন্দ্ৰ মহালানবীশৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেখেতে ১৯৪৯ চনত ভাৰত চৰকাৰৰ মন্ত্ৰীমণ্ডলৰ পৰামৰ্শদাতা ৰূপেও কাৰ্য নিৰ্বাহ কৰিছিল।নিবনুৱা দূৰীকৰণৰ বাবে পৰিকল্পনাও তেখেতেই আৰম্ভ কৰিছিল। special survey পদ্ধতিৰ জন্মদাতাও আছিল প্ৰশান্ত চন্দ্ৰ মহালানবীশ, যি পদ্ধতিৰ সহায়ত সমগ্ৰ বিশ্বৰ বৃহৎ বৃহৎ নীতি আৰু পৰিকল্পনাবোৰ গঢ়ি তোলা হয়। ভাৰত বৰ্ষৰ দৰে জনবহুল বৃহৎ দেশবোৰৰ যিকোনো তথ্য সংগ্ৰহৰ কাম ইমান সহজ নাছিল আৰু তাৰ বিজ্ঞানসন্মত বিশ্লেষণো এক দুৰূহ কাম আছিল।এনেবোৰ কামৰ বাবে, তেখেতৰ বাবেই National Statistical Survey Office তথা Central Statistical Organization ৰ দৰে এক সৰ্বসন্মত পৰিসংখ্যা প্ৰতিষ্ঠান দেশত গঢ় লৈ উঠে আৰু ইয়াৰ সুফল এতিয়া সুদূৰ প্ৰশাৰী বিয়পি পৰিছে। জনসংখ্য, জনগণনা, জনমুৰি ব্যয়, জনমুৰি আয়, মুঠ উৎপাদন, অৰ্থনীতি, পদাৰ্থবিদ্যাৰ গৱেষণা ক্ষেত্ৰ ইত্যাদি সকলোতে প্ৰশান্ত চন্দ্ৰ মহালানবিশৰ অৱদান অপৰিসীম। পৰিসংখ্যা বিজ্ঞানলৈ আগবঢ়োৱা তেখেতৰ এই অৱদানৰ বাবে ১৯৬৮চনত ভাৰত চৰকাৰে তেখেতক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। তুদুপৰি এই গৰাকী মহান বিজ্ঞানীৰ স্মৃতি ৰক্ষার্থে ভাৰত চৰকাৰে ২০০৬ চনত তেখেতৰ জন্ম দিন, ২৯ জুন তাৰিখটি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস (National Statistical Day) হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লয়, আৰু তেতিয়াৰে পৰা 29 জুন তাৰিখটিত প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে।
***********************************************
অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই( Dihing Pataki, the 7th National Park of Assam)
অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই:
অসমৰ বৰ্ষাৰণ্য তথা পূবৰ এমাজন ৰূপে পৰিগণিত হোৱা দিহিং পাটকাইক অসম চৰকাৰে এক অধিসূচনাৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে ২০২০ চনৰ ১৩ ডিচেম্বৰত। ইয়াৰ আগতে ইয়াক হস্তি প্ৰকল্পৰ অভয়াৰণ্য হিচাপে ৰখা হৈছিল।এই বৰ্ষাৰণ্যখন লগত অসমৰ তিনিখন জিলা জড়িত হৈ আছে।সেইকেইখন হৈছে- ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ। এই অভয়াৰণ্য তিনিউখন জিলাৰ ৫৭৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। তদুপৰি এই বনাঞ্চল অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং জিলালৈও বিস্তৃত হৈ আছে।
জলবায়ু পৰিৱৰ্তনে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰি সমগ্ৰ জীৱৰ জীৱনৰ বাবে ভাবুকি হৈ উঠাৰ সময়ত দিহিং পাটকাই ৰ দৰে এখন বৰ্ষাৰণ্য সংৰক্ষণ কৰা অত্যন্ত জৰুৰী। চৰকাৰৰ এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা অতি সময়োপযোগী । ই নিশ্চিত ভাবে ৰাষ্ট্ৰীয় উদ্যান খনৰ জীৱকুলক ৰক্ষনাবেক্ষন দিব।
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা আগৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ পৰা বৰ্তমান ২৩৪.২৬ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। এই ৰাষ্ট্ৰীয় উদ্যান এতিয়া ডিগবৈ সংমণ্ডলৰ চৰাইপানী আৰু ডিব্ৰুগড় সংমণ্ডলৰ জয়পুৰ এলেকাৰ দ্বাৰা পৰিচালিত হ'ব। এই দুয়োটা সংমণ্ডল "বন সংৰক্ষণৰ পশ্চিম অসম চক্ৰ" ৰ অন্তৰ্ভুক্ত। দিহিং পাটকাই হাতীৰ বাবে জনাজাত,যদিয়ো তাত ৪৭ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ৪৭ টা প্ৰজাতিৰ সৰীসৃপ আৰু ৩১০ টা প্ৰজাতিৰ পখিলা আছে বুলি চিনাক্ত কৰা হৈছে। এই বনাঞ্চল পক্ষীবিদসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ। দেওহাঁহৰ লগতে অজস্ৰ পৰিভ্ৰমী চৰাইৰ বিচৰণ থলী,এই উদ্যানলৈ পক্ষী ওপৰত অধ্যয়ন কৰিবলৈ বছৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বহু প্ৰাকৃতিবিদৰ আগমন হয়। দিহিং পাটকাইত থকা জলাশয় বোৰেই পৰিভ্ৰমী চৰাইৰ মুখ্য আকৰ্ষণ।
দিহিং পাটকাইত হাতীৰ উপৰি আৰু বহু জীৱ জন্তু দেখা পোৱা যায়। সেইবোৰৰ ভিতৰত দুষ্প্ৰাপ্য হলৌ বান্দৰ, লাজুকী বান্দৰ, গাহৰি নেজীয়া বান্দৰ, সেন্দুৰীয়া বান্দৰ, টুপিমূৰীয়া বান্দৰ ইত্যাদি ৭ প্ৰকাৰৰ বান্দৰ ইয়াত দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও ইয়াত আছে ৭টা প্ৰজাতিৰ বনৰীয়া মেকুৰী,কমেও ৫ টা প্ৰজাতিৰ মাছৰোকা চৰাই।তদুপৰি ইয়াত আছে বিভিন্ন প্ৰকাৰৰ অৰ্কিড।
এইখিনিতে উল্লেখযোগ্য দিহিং পাটকাইত হৈ থকা কয়লাৰ অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদ চলাৰ ঠিক পাছতে এই বনাঞ্চলক অসম চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছিল ২০২০ চনৰ জুলাই মাহত। সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০২০ চনৰ ১৩ ডিচেম্বৰত এক অধিসূচনাৰ জৰিয়তে এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিলে অভয়াৰণ্য খনক অধিক সুৰক্ষা প্ৰদান কৰিব যাব বুলি আশা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই পদক্ষেপ হাতত লৈছিল।
মল্লিকা দত্ত
১২/০৬/২০২১
ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰামপ্ৰসাদ বিছমিল( Freedom Fighter Ram prasad Bismil)
ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰামপ্ৰসাদ বিছমিল
চৰফৰ'চি কি তমান্না
অব হামাৰে দিল মে হেয়..
দেখনা হে জোৰ কিটনা,
বাজু- এ- কাটিল মে হেয়?....
এই গীত গায় গায় ক'ত জন যে হাঁহি হাঁহি ফাঁচী কাঠ ওলমি শ্বহীদ হ'ল, এক মাত্ৰ দেশক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ। এই গীতে যেন মৃত্যুক ও জয় কৰিছিল। দেশবাসীৰ অন্তৰত দেশপ্ৰেমৰ ভাব জাগ্ৰত কৰাত এক বিশেষ ভূমিকা লৈছিল এই গীতে। স্বাধীনতা সংগ্ৰামৰ শ্বহীদ ৰামপ্ৰসাদ বিছমিলৰ কলমেৰে নিগৰি ওলোৱা এইটি এটি উৰ্দু কবিতা আছিল , যি পাছত গীতৰ ৰূপ পাইছিল।
এই গীতৰ ৰচয়িতা ৰামপ্ৰসাদ বিছমিলৰ জন্ম হৈছিল ১৮৯৭ চনৰ ১১ জুনত, উত্তৰ প্ৰদেশৰ শ্বাহজানপুৰ জিলাত। ৰামপ্ৰসাদ বিছমিল আছিল ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তদুপৰি তেখেত আছিল এগৰাকী কবি, আৰু লেখক। তেখেতৰ উৰ্দু, হিন্দী, ইংৰাজী আৰু বাংলা ভাষাত যথেষ্ট দখল আছিল। তেখেতে বিভিন্ন লিখা বোৰ বেলেগ বেলেগ ছদ্ম নামত লিখিছিল, যেনে:-- হিন্দীত ৰাম, উৰ্দুত অগিয়ত আৰু বিছমিল। কিন্তু তেওঁ বিছমিল নামেৰে বেছি জনপ্ৰিয়তা লাভ কৰিছিল। ৰামপ্ৰসাদ বিছমিল আৰ্য সমাজৰ লগত সম্পৰ্ক আছিল আৰু তেওঁ স্বামী দয়ানন্দ সৰস্বতীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ভগৎ সিঙে তেওঁক বৰ ভাল পাইছিল।
উত্তৰ প্ৰদেশৰ এটি ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰামপ্ৰসাদ বিছমিলে দেউতাকৰ পৰা হিন্দী ভাষা শিকিছিল। আৰু উৰ্দু শিকিবলৈ দেউতাকে তেওঁক পঠাইছিল মৌলবীৰ ওচৰলৈ। দেউতাকৰ আপত্তি স্বত্তেও তেওঁ এখন ইংৰাজী স্কুলত নাম ভৰ্তি কৰিছিল আৰু তাৰ পাছত যোগ দিছিল আৰ্য সমাজত।
চৰকাৰ বিৰোধী কাৰ্য্য কলাপৰ বাবে বহুতৰ লগত তেওঁও ব্ৰিটিছ চৰকাৰৰ হাতত ধৰা পৰে। ১৮ মাহ ধৰি চলা বিচাৰৰ শেষত আছফাকুল্লা খান, ৰাজেন্দ্ৰ নাথ লাহিড়ি, চন্দ্ৰশেখৰ আজাদৰ লগতে ৰামপ্ৰসাদ বিছমিলক মৃত্যু দণ্ডৰে দণ্ডিত কৰে ব্ৰিটিছ চৰকাৰে। ১৯২৭ চনত ১৯ ডিচেম্বৰত বিছমিলক গোড়খপুৰ কাৰাগাৰত ফাঁচী দিয়া হয়। সেইসময়ত বিছমিলৰ বয়স আছিল মাত্ৰ ৩০ বছৰ। এইদৰেই এজন প্ৰতিভাশালী সফল ডেকাই দেশৰ স্বাধীনতাৰ হকে ফাঁচিৰ মঞ্চত শ্বহীদ হয়।
জীৱিত কালত ৰামপ্ৰসাদ বিছমিলে অনেক গ্ৰন্থ ৰচনা কৰিছিল আৰু তেওঁৰ জীৱন কালতেই প্ৰকাশ কৰিছিল। কিন্তু ইংৰাজ চৰকাৰে তেওঁৰ সমস্ত গ্ৰন্থ নিষিদ্ধ ঘোষণা কৰিছিল। ভাৰতবাসীয়ে এইগৰাকী দেশপ্ৰেমীক সদায় মনত ৰাখিব।
Subscribe to:
Posts (Atom)