২০২১ বৰ্ষৰ সৰস্বতী পূজা উপলক্ষে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা "প্ৰজ্ঞা" প্ৰকাশ কৰা হয়, যোৱা ১৬ ফেব্ৰুৱাৰী ,২০২১ তাৰিখে। পঞ্চম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক লগত লৈ এই কাম বিদ্যালয়ৰ দৈনন্দিন সময় সূচীৰ মাজৰ ফাঁকে ফাঁকে এই কাম সম্পন্ন কৰা হয়। মোৰ লগত সহযোগ কৰা ছাত্ৰ ছাত্ৰী কেইগৰাকী ক্ৰমে.. পঙ্খী শইকীয়া, নৈঋত জ্যোতি বৈশ্য, ঋষিতা পাল, সঞ্জু দাস,নিহাৰিকা বৰ্মন আৰু পায়েল মালাকাৰ। সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত পত্ৰিকা খনি উন্মোচন কৰে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰীযুতা ৰূপজ্যোতি নেওগ বাইদেউৱে।

২০২১ বৰ্ষৰ সৰস্বতী পূজা উপলক্ষে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা "প্ৰজ্ঞা" প্ৰকাশ কৰা হয়, যোৱা ১৬ ফেব্ৰুৱাৰী ,২০২১ তাৰিখে। পঞ্চম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক লগত লৈ এই কাম বিদ্যালয়ৰ দৈনন্দিন সময় সূচীৰ মাজৰ ফাঁকে ফাঁকে এই কাম সম্পন্ন কৰা হয়। মোৰ লগত সহযোগ কৰা ছাত্ৰ ছাত্ৰী কেইগৰাকী ক্ৰমে.. পঙ্খী শইকীয়া, নৈঋত জ্যোতি বৈশ্য, ঋষিতা পাল, সঞ্জু দাস,নিহাৰিকা বৰ্মন আৰু পায়েল মালাকাৰ।

শিশু নাটিকা"সংৰক্ষণৰ যাত্ৰাত চিন্তুহঁতৰ চিন্তা"ৰচনা: মল্লিকা দত্ত

https://youtu.be/tPqemorFw0A
দৃশ্য-১

(নেপথ্যত: এদিন ঘৰচিৰিকা কেইটামানে মানুহ এঘৰৰ চোতালত পৰি থকা খাদ্য খাই আছিল। তেনেতে...
কা,কা, কা...)
ঘৰচিৰিকা:অ কাউৰী ককাই, তুমি আকৌ আমাৰ মাজলৈ কিয় আহিলা? যেনেতেনে অকণমান আহাৰ পাইছোঁ, তাকে যদি তুমি খায় পেলোৱা, তেনেহ'লে আমি কি খাম? সেই বাবেই তোমালোকক আমি ভাল নাপাওঁ!
কাউৰী:তোমালোকে মোক ভাল নাপালে কি হ'ব!মই যে মানুহৰ কিমান কামত আহোঁ,তোমালোকে কি বুজিবা!!
ঘৰচিৰিকা:কিনো মানুহৰ কামত অহা কাম কৰা তুমি?
কাউৰী:মই যে মানুহে পেলোৱা গেলা-পঁচা বস্তুবোৰ খাই ঠাই বোৰ চাফা কৰি ৰাখোঁ! আগতে আমাৰ সংখ্যা বহুত আছিল। আজি কালি থাকিবলৈ ঠাই নোহোৱা বাবে কমি গৈছে। গতিকে আমি কেইজনমানেই যিমান পাৰোঁ পেলনীয়া বস্তুবোৰ খাওঁ আৰু ঠাইবোৰ চাফা কৰোঁ।
ঘৰচিৰিকা: অ হয় নেকি? সেইবাবে মানুহে চাগে তোমালোকক ভাল পায়!
কাউৰী: নাজানো!আমাৰ লগৰীয়া বন্ধু শগুন, হাড়গিলা, এওঁলোক থাকোতে আমাৰ বৰ ভাল লাগিছিল।আমি সকলোৱে পেলনীয়া বস্তু, মৰা জীৱ-জন্তু আদি মিলি জুলি খাইছিলোঁ। কিন্তু এতিয়া তেওঁলোকক দেখিবলৈকে নোপোৱা হ'লো! তেওঁলোকৰ ঠাইবোৰ মানুহেই নোহোৱা কৰিলে, ওখ ওখ গছবোৰ কাটি কাটি!!
ঘৰচিৰিকা: আমাৰো চাগে এদিন তেনে দশাই হ'ব!আজি কালি আমাৰো থাকিবলৈ ঠাই নোহোৱা হৈছে। সকলোৱে আজি কালি পকা ঘৰ বনায়।খেৰৰ ঘৰবোৰ নোহোৱা হ'ল, গতিকে আমাৰো বাসস্থান নোহোৱা হ'ল।
কাউৰী: এৰা, কি কৰিবা!! তোমালোকেও ঘৰ সাজিবলৈ খেৰীঘৰৰ সলনি বেলেগ ঠাই লোৱা।
ঘৰচিৰিকা: হয়, ঠিকেই কৈছা! আমিও আমাৰ অভ্যাস সলনি কৰিব লাগিব।নহ'লে যে জীয়াই থকা টান হ'ব! আমিও টো খেতি পথাৰৰ অনিষ্টকাৰী পোক-পতংগ খাই মানুহক সহায় কৰোঁ। তেওঁলোকে বাৰু আমাৰ কথা কিয় নাভাবে!!

দৃশ্য-২
(চিন্তু আৰু ৰুবুলৰ কথোপকথন)
চিন্তু: ৰুবুল, বাহিৰত অকলে অকলে কি কৰি আছ'?
ৰুবুল: অ'চিন্তু! ৰ', কালি মই নতুন কথা এটা জানিলো।তাকে অলপ নিজে কৰিবলৈ চেষ্টা কৰি আছো।
চিন্তু: কি কথানো, মোকো ক'চোন।
ৰুবুল: কালি মই মাৰ লগত মামাৰ ঘৰলৈ গৈছিলো।আৰু তাত দেখিলো, মামাহতৰ ঘৰৰ চাঁদৰ ওপৰৰ চুকত, ভেন্টিলেটৰৰ  ফাঁকত আৰু য'ত য'ত ঘৰৰ ওপৰত অলপ সুৰুঙা নিচিনা আছে, তাতে মামাই জোতা অনা কাগজৰ খালী বাকচবোৰ থৈ দিছে।আৰু বাকচ বোৰত একোটাকৈ ফুটাও কৰি দিছে, চৰাই এটা ওলোৱা সোমোৱা কৰিব পৰাকৈ।
চিন্তু: তাৰ পাছত?
ৰুবুল: তাত দেখিলো, সেই জোতা বাকচবোৰত ঘৰচিৰিকাই বাঁহ পাতি বহুতো পোৱালী জগাইছে।কোনোটো বাকচত কণী পাৰি থৈছে। কোনোটোত আকৌ পোৱালি উৰিব পৰা হৈছে।
চিন্তু: এ হয় নেকি?
ৰুবুল: অ', তাকে দেখি মইও আজি চেষ্টা কৰিছোঁ, ঘৰচিৰিকাৰ বাবে ঘৰ সাজিবলৈ।
চিন্তু: ইচ‌‌‌, ইমান যে ভাল কথা এটা শিকিলোঁ!! আজি কালি ঘৰচিৰিকা লুপ্ত হবলৈ ধৰা বাবেইটো বিশ্ব ঘৰচিৰিকা দিৱস প্ৰতি বছৰে পালন কৰা হয়,২০ মাৰ্চত। আমি যদি প্ৰত্যেকেই এনেধৰণৰ কাম কৰো, ঘৰচিৰিকা লুপ্ত হোৱাৰ পৰা নিশ্চয় কিছু বচাব পাৰিম!

(জানমণিৰ প্ৰৱেশ)

জানমণি: চিন্তু, ৰুবুল, কি কৰিছ? আজি যে দেওবাৰ পাহৰিলি নেকি? আমি যে আজি গান শিকিবলৈ যোৱাৰ কথা আছিল ,লিলি বাইদেউৰ পৰা, পাহৰিলি?
 চিন্তু: অ', জানমণি। হয়তো, পাহৰিছিলোয়েই!পিছে ৰুবুলে কি কাম কৰিছে মন কৰিছনে নাই?
জানমণি: কি কাম কৰিছনো ৰুবুল ,চাওঁ?
চিন্তু:ই ঘৰচিৰিকা চৰাইৰ বাবে বাঁহ সাজিছে, পেলনীয়া জোতা বাকচবোৰৰ পৰা। মই ভাবিছোঁ, মইও বনাম।
জানমণি: অ',হয় নেকি? ইমান যে ভাল কাম কৰিছ ৰুবুল! মই যে চৰাই বৰ ভাল পাওঁ।আমাৰ ঘৰৰ তামোল গছত আগতে কেইটামান টোকোৰা চৰাই বাঁহ দেখিছিলো । এতিয়া নোহোৱা হ'ল। ক'লৈ গ'ল জানো চৰাইবোৰ!!

চিন্তু: তহঁতে আৰু এটা কথা গম পাৱনে নাই নাজানো! গোলকীয় উষ্ণতাৰ বাবে আমাৰ পৃথিৱীৰ পৰা বহুতো প্ৰাণী বিলুপ্ত হ'বলৈ গৈ আছে। অধিক উষ্ণতা হ'লে চৰাইও বাচি থাকিবলৈ টান হয়।কোৱা শুনিছোঁ, এই বছৰ হেনো তাপমাত্ৰা আৰু বাঢ়িব!

ৰুবুল: মইও শুনিছোঁ কথাটো। মামায়ে ক'লে। আৰু কৈছে যে উষ্ণতা বাঢ়িলে চৰাই-চিৰিকতিৰ বাবে পানীৰো বেছি প্ৰয়োজন হ'ব। সেইবাবে ঘৰৰ চাদত, বা বাহিৰৰ চোতালত কিবা পাত্ৰত সদায় সিহঁতৰ বাবে পানী থোৱাৰ ব্যৱস্থা কৰিব লাগে।
জানমণি: অ', হয় নেকি? মই আজিয়ে থ'মগৈ।
চিন্তু: মইও ৰাখিম।মাটিৰ পাত্ৰ লওঁ যদি কেনে হ'ব বাৰু?
ৰুবুল: বৰ ভাল হ'ব। মই মামাক দেখিছো, মাটিৰ পাত্ৰত পানী আৰু আৰু কিছুমান শস্যৰ গুটিও চৰাইৰ বাবে ৰাখিছে।
চিন্তু:ৰুবুল, আজি তোৰ পৰা কেইবাটাও কথা । তোক অশেষ ধন্যবাদ। ব'ল, এতিয়া আমি লিলি বাইদেউৰ ঘৰলৈ যাওঁ।

দৃশ্য-৩
কাউৰী: হেৰা ঘৰচিৰিকা ভন্টী, আজি কালি তোমাক নেদেখাই হ'লো!
ঘৰচিৰিকা: অ', কাউৰী ককাই! মই আজি কালি এটা নতুন অভ্যাস ল'লো। কিছুদিনৰ আগতে মানুহ এঘৰত দেখিলো, কিবা বাকচ কিছুমান ওপৰত থৈ দিছে। তাতে সোমাই থাকিবলৈ ল'লো। লাহে লাহে বাঁহো বনালো। পোৱালী ও জগালো।এতিয়া আমি তাতে থাকো। বৰ নিৰাপদে আছো, জানা!
কাউৰী: এ, হয় নেকি? বৰ ভাল কথা। থাকা থাকা, ভালে থাকা! মই বাৰু মাজে মাজে আহিম। আজিলৈ যাওঁ দেই!
(কা, কা,কা...)

বি: দ্ৰ: নাটিকা খনি তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ ওমলা ঘৰ অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ইতিপূৰ্বে পৰিবেশিত।
---------###--------###--------###-------###-------




প্ৰকৃতিৰ সান্নিধ্য বিচাৰি


খেৰী ঘৰৰ  খোৰোঙত থকা ঘৰচিৰিকাজনী
চোতালত পৰি কুৰুলীয়াই থকা কপৌজনী
আজি বহুদিন দেখা নাই!

মোৰ ঘৰৰ কাষেদি বৈ যোৱা
জুৰিটিয়ে বা ক'লৈ গ'ল!
কংক্ৰীটৰ নগৰী,
কোলাহলপূৰ্ণ পথবোৰে 
দিয়েনে তোমাক মনৰ জুৰণি?

যন্ত্ৰ সৰ্বচ্চ তুমি, মই বোৰে
প্ৰাকৃতিক ক'ত এৰি আহিলোঁ!
কি লাগে আমাক?
কি বিচাৰিছোঁ আমি!
উত্তৰ নাই!

নোৱাৰি, এনেকৈ আৰু তোমাৰ অবিহনে
জীয়াই থাকিব নোৱাৰি।
আমাক আকৌ দিয়া প্ৰকৃতি
তোমাৰ সুন্দৰ সজীৱ কোলাত
খোজ বুলি আগুৱাই যাবলৈ দিয়া,
তুমি আঁতৰি নাযাব প্ৰকৃতি
আমি এতিয়া অনুতপ্ত!!

মল্লিকা দত্ত
ৰচনা কাল: ২০১৭, ৫ জুন।





পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহালানবিশ(Prasnta chandra Mohalanobis)

প্ৰশান্ত চন্দ্ৰ মহালানবীশ

ভাৰতৰ পৰিসংখ্যাবিদ, বিজ্ঞানী প্ৰশান্ত চন্দ্ৰ মহালানবীশৰ জন্ম হৈছিল ১৮৯৩ চনৰ ২৯ জুন  তাৰিখে।তেওঁৱেই পোন প্ৰথমে পৰিসংখ্যাও যে এক অধ্যয়নৰ বিষয়, সেই ধাৰণা অৱগত কৰিছিল।আৰু এই কাৰণতেই তেওঁ সমগ্ৰ বিশ্বত চিৰস্মৰণীয় হৈ আছে। তেখেতৰ দ্বাৰা আৱিষ্কৃত Mahalanobish Distance এতিয়াও জনগণনাৰ বাবে ব্যৱহাৰ হয়।প্ৰশান্ত চন্দ্ৰ মহালানবীশে প্ৰথমে কলকাতা প্ৰেচিডেনচি কলেজত পদাৰ্থ বিজ্ঞানৰ শিক্ষকতা কৰিছিল।কিন্তু তাতে তেওঁ পৰিসংখ্যা বিজ্ঞান চৰ্চাৰ বাবে এক পৃথক প্ৰতিষ্ঠানৰ কথা সদায়ে প্ৰয়োজন বোধ কৰিছিল। সেয়ে তেখেতৰ উদ্যোগতে ১৯৩১ চনত গঢ়ি উঠে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান( Indian Statistical Institute)।এই প্ৰতিষ্ঠানে এতিয়া পৰিসংখ্যা বিজ্ঞান চৰ্চাৰ বাবে ভাৰত তথা সমগ্ৰ বিশ্বতে এক সুকীয়া মৰ্যাদা লাভ কৰিছে।
 

ভাৰত চৰকাৰৰ পঞ্চ বাৰ্ষিক পৰিকল্পনা আৰু তাৰ সফল ৰূপায়নত প্ৰশান্ত চন্দ্ৰ মহালানবীশৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেখেতে ১৯৪৯ চনত ভাৰত চৰকাৰৰ মন্ত্ৰীমণ্ডলৰ পৰামৰ্শদাতা ৰূপেও কাৰ্য নিৰ্বাহ কৰিছিল।নিবনুৱা  দূৰীকৰণৰ বাবে পৰিকল্পনাও তেখেতেই আৰম্ভ কৰিছিল। special survey পদ্ধতিৰ জন্মদাতাও আছিল প্ৰশান্ত চন্দ্ৰ মহালানবীশ, যি পদ্ধতিৰ সহায়ত সমগ্ৰ বিশ্বৰ বৃহৎ বৃহৎ নীতি আৰু পৰিকল্পনাবোৰ গঢ়ি তোলা হয়। ভাৰত বৰ্ষৰ দৰে জনবহুল বৃহৎ দেশবোৰৰ যিকোনো তথ্য সংগ্ৰহৰ কাম ইমান সহজ নাছিল আৰু তাৰ বিজ্ঞানসন্মত বিশ্লেষণো এক দুৰূহ কাম আছিল।এনেবোৰ  কামৰ বাবে, তেখেতৰ বাবেই National Statistical Survey Office তথা Central Statistical Organization ৰ দৰে এক সৰ্বসন্মত পৰিসংখ্যা প্ৰতিষ্ঠান দেশত গঢ় লৈ উঠে আৰু ইয়াৰ সুফল এতিয়া সুদূৰ প্ৰশাৰী বিয়পি পৰিছে। জনসংখ্য, জনগণনা, জনমুৰি ব্যয়, জনমুৰি আয়, মুঠ উৎপাদন, অৰ্থনীতি, পদাৰ্থবিদ্যাৰ গৱেষণা ক্ষেত্ৰ ইত্যাদি সকলোতে প্ৰশান্ত চন্দ্ৰ মহালানবিশৰ অৱদান অপৰিসীম। পৰিসংখ্যা বিজ্ঞানলৈ আগবঢ়োৱা তেখেতৰ এই অৱদানৰ বাবে ১৯৬৮চনত ভাৰত চৰকাৰে তেখেতক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। তুদুপৰি এই গৰাকী মহান বিজ্ঞানীৰ স্মৃতি ৰক্ষার্থে ভাৰত চৰকাৰে ২০০৬ চনত তেখেতৰ জন্ম দিন,  ২৯ জুন তাৰিখটি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস (National Statistical Day) হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লয়, আৰু তেতিয়াৰে পৰা 29 জুন তাৰিখটিত প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে।
***********************************************

অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই( Dihing Pataki, the 7th National Park of Assam)

অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই:

অসমৰ বৰ্ষাৰণ্য তথা পূবৰ এমাজন ৰূপে পৰিগণিত হোৱা দিহিং পাটকাইক অসম চৰকাৰে এক অধিসূচনাৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে ২০২০ চনৰ ১৩ ডিচেম্বৰত। ইয়াৰ আগতে ইয়াক হস্তি প্ৰকল্পৰ অভয়াৰণ্য হিচাপে ৰখা হৈছিল।এই বৰ্ষাৰণ্যখন লগত  অসমৰ তিনিখন জিলা জড়িত হৈ আছে।সেইকেইখন হৈছে- ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ। এই অভয়াৰণ্য তিনিউখন জিলাৰ ৫৭৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। তদুপৰি এই বনাঞ্চল অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং জিলালৈও বিস্তৃত হৈ আছে।
জলবায়ু পৰিৱৰ্তনে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰি সমগ্ৰ জীৱৰ জীৱনৰ বাবে ভাবুকি হৈ উঠাৰ সময়ত দিহিং পাটকাই ৰ দৰে এখন বৰ্ষাৰণ্য সংৰক্ষণ কৰা অত্যন্ত জৰুৰী। চৰকাৰৰ এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা অতি সময়োপযোগী । ই নিশ্চিত ভাবে ৰাষ্ট্ৰীয় উদ্যান খনৰ জীৱকুলক  ৰক্ষনাবেক্ষন দিব।


দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা আগৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ পৰা বৰ্তমান ২৩৪.২৬ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। এই ৰাষ্ট্ৰীয় উদ্যান এতিয়া ডিগবৈ সংমণ্ডলৰ চৰাইপানী আৰু ডিব্ৰুগড় সংমণ্ডলৰ জয়পুৰ এলেকাৰ দ্বাৰা পৰিচালিত হ'ব। এই দুয়োটা সংমণ্ডল "বন সংৰক্ষণৰ পশ্চিম অসম চক্ৰ" ৰ অন্তৰ্ভুক্ত। দিহিং পাটকাই হাতীৰ বাবে জনাজাত,যদিয়ো তাত ৪৭ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ৪৭ টা প্ৰজাতিৰ সৰীসৃপ আৰু ৩১০ টা প্ৰজাতিৰ পখিলা আছে বুলি চিনাক্ত কৰা হৈছে। এই বনাঞ্চল পক্ষীবিদসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ।  দেওহাঁহৰ লগতে অজস্ৰ পৰিভ্ৰমী চৰাইৰ বিচৰণ থলী,এই উদ্যানলৈ পক্ষী ওপৰত অধ্যয়ন কৰিবলৈ বছৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বহু প্ৰাকৃতিবিদৰ আগমন হয়।  দিহিং পাটকাইত থকা জলাশয় বোৰেই পৰিভ্ৰমী চৰাইৰ মুখ্য আকৰ্ষণ।
দিহিং পাটকাইত হাতীৰ উপৰি আৰু বহু জীৱ জন্তু দেখা পোৱা যায়। সেইবোৰৰ ভিতৰত দুষ্প্ৰাপ্য হলৌ বান্দৰ, লাজুকী বান্দৰ, গাহৰি নেজীয়া বান্দৰ, সেন্দুৰীয়া বান্দৰ, টুপিমূৰীয়া বান্দৰ ইত্যাদি  ৭ প্ৰকাৰৰ বান্দৰ ইয়াত দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও ইয়াত আছে ৭টা প্ৰজাতিৰ বনৰীয়া মেকুৰী,কমেও ৫ টা প্ৰজাতিৰ মাছৰোকা চৰাই।তদুপৰি ইয়াত আছে বিভিন্ন প্ৰকাৰৰ অৰ্কিড।

এইখিনিতে উল্লেখযোগ্য  দিহিং পাটকাইত হৈ থকা কয়লাৰ অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদ চলাৰ ঠিক পাছতে  এই বনাঞ্চলক অসম চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছিল ২০২০ চনৰ জুলাই মাহত। সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০২০ চনৰ ১৩ ডিচেম্বৰত এক অধিসূচনাৰ জৰিয়তে এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিলে অভয়াৰণ্য খনক অধিক সুৰক্ষা প্ৰদান কৰিব যাব বুলি আশা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই পদক্ষেপ হাতত লৈছিল। 

মল্লিকা দত্ত
১২/০৬/২০২১

ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰামপ্ৰসাদ বিছমিল( Freedom Fighter Ram prasad Bismil)

ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰামপ্ৰসাদ বিছমিল



চৰফৰ'চি কি তমান্না 
অব হামাৰে দিল মে হেয়..
দেখনা হে জোৰ কিটনা,
বাজু- এ- কাটিল মে হেয়?....


এই গীত গায় গায় ক'ত জন যে হাঁহি হাঁহি ফাঁচী কাঠ ওলমি শ্বহীদ হ'ল, এক মাত্ৰ দেশক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ। এই গীতে যেন মৃত্যুক ও জয় কৰিছিল। দেশবাসীৰ অন্তৰত দেশপ্ৰেমৰ ভাব জাগ্ৰত কৰাত এক বিশেষ ভূমিকা লৈছিল এই গীতে। স্বাধীনতা সংগ্ৰামৰ শ্বহীদ ৰামপ্ৰসাদ বিছমিলৰ কলমেৰে নিগৰি ওলোৱা এইটি এটি উৰ্দু কবিতা আছিল , যি পাছত গীতৰ ৰূপ পাইছিল।

এই গীতৰ ৰচয়িতা ৰামপ্ৰসাদ বিছমিলৰ জন্ম হৈছিল ১৮৯৭ চনৰ ১১ জুনত, উত্তৰ প্ৰদেশৰ শ্বাহজানপুৰ জিলাত। ৰামপ্ৰসাদ বিছমিল আছিল ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তদুপৰি তেখেত আছিল এগৰাকী কবি, আৰু লেখক। তেখেতৰ উৰ্দু, হিন্দী, ইংৰাজী আৰু বাংলা ভাষাত যথেষ্ট দখল আছিল। তেখেতে বিভিন্ন লিখা বোৰ বেলেগ বেলেগ  ছদ্ম নামত লিখিছিল, যেনে:-- হিন্দীত ৰাম, উৰ্দুত অগিয়ত আৰু বিছমিল। কিন্তু তেওঁ বিছমিল নামেৰে বেছি জনপ্ৰিয়তা লাভ কৰিছিল। ৰামপ্ৰসাদ বিছমিল আৰ্য সমাজৰ লগত সম্পৰ্ক আছিল আৰু তেওঁ স্বামী  দয়ানন্দ সৰস্বতীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ভগৎ সিঙে তেওঁক বৰ ভাল পাইছিল।

উত্তৰ প্ৰদেশৰ এটি ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰামপ্ৰসাদ বিছমিলে দেউতাকৰ পৰা হিন্দী ভাষা  শিকিছিল। আৰু উৰ্দু শিকিবলৈ দেউতাকে তেওঁক পঠাইছিল মৌলবীৰ ওচৰলৈ। দেউতাকৰ আপত্তি স্বত্তেও তেওঁ এখন ইংৰাজী স্কুলত নাম ভৰ্তি কৰিছিল আৰু তাৰ পাছত যোগ দিছিল আৰ্য সমাজত।

 চৰকাৰ বিৰোধী কাৰ্য্য কলাপৰ বাবে বহুতৰ লগত তেওঁও ব্ৰিটিছ চৰকাৰৰ হাতত ধৰা পৰে।  ১৮ মাহ ধৰি চলা বিচাৰৰ শেষত আছফাকুল্লা খান, ৰাজেন্দ্ৰ নাথ লাহিড়ি, চন্দ্ৰশেখৰ  আজাদৰ লগতে ৰামপ্ৰসাদ বিছমিলক মৃত্যু দণ্ডৰে দণ্ডিত কৰে ব্ৰিটিছ চৰকাৰে। ১৯২৭ চনত ১৯ ডিচেম্বৰত বিছমিলক গোড়খপুৰ কাৰাগাৰত ফাঁচী দিয়া হয়। সেইসময়ত বিছমিলৰ বয়স আছিল মাত্ৰ ৩০ বছৰ। এইদৰেই এজন প্ৰতিভাশালী সফল ডেকাই দেশৰ স্বাধীনতাৰ হকে  ফাঁচিৰ মঞ্চত শ্বহীদ হয়।

জীৱিত কালত ৰামপ্ৰসাদ বিছমিলে অনেক গ্ৰন্থ ৰচনা কৰিছিল আৰু তেওঁৰ জীৱন কালতেই প্ৰকাশ কৰিছিল। কিন্তু ইংৰাজ চৰকাৰে তেওঁৰ সমস্ত গ্ৰন্থ নিষিদ্ধ ঘোষণা কৰিছিল। ভাৰতবাসীয়ে এইগৰাকী দেশপ্ৰেমীক সদায় মনত ৰাখিব।

আন্তৰ্জাতিক চাহ দিৱস আৰু আত্মনিৰ্ভৰ অসম( International Tea Day and Self-reliant Assam):


২১ মে', ২০২০।  আন্তৰ্জাতিক চাহ দিৱস।  এইবাৰ এই দিৱস পোন প্ৰথম বাৰৰ বাবে উদযাপন কৰিবলৈ লোৱা হৈছে।২০১৯ বৰ্ষত এই দিৱস উদযাপনৰ বাবে সিদ্ধান্ত লোৱা হৈছিল, চাহৰ ক্ষেত্ৰ খনৰ প্ৰতি জনগণক সচেতন কৰাৰ লক্ষ্যৰে, আৰু এই উদ্দেশ্যৰেই  এইবৰ্ষৰ পৰা এই দিৱস পালন কৰিবলৈ লোৱা হৈছে।
অসমত চাহ উদ্যোগে ইয়াৰ অৰ্থনীতিত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰি আছে, তাক দোহাৰাৰ প্ৰয়োজন নাই, আমি সকলোৱে জানো।এক বৃহৎ সংখ্যক লোকক এই উদ্যোগে নিয়োগৰ সুবিধা প্ৰদান কৰিছে।এই ক্ষেত্ৰত আমি কিছু কথা নতুনকৈ চিন্তা কৰিবৰ হল।
১। চাহ খেতিৰ লগত জড়িত হৈ থকা কামসমূহ, যেনে পাত তোলা, ঔষধ মৰা, পুলি ৰোপণ আৰু যতন, গছত দেখা দিয়া বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে জ্ঞান অৰ্জন আদি কাম বোৰৰ বাবে কিছুমান প্ৰশিক্ষণ কেন্দ্ৰ ঠায়ে ঠায়ে হব লাগে। ইয়াৰ দ্বাৰা শিক্ষিত আৰু কৰ্মবিহীন কিছুমান লৰা ছোৱালীয়ে কৰ্ম সংস্থাপন পাব আৰু প্ৰশিক্ষিত হোৱা বাবে তেওঁলোক এইবোৰ কামত দক্ষ হ'ব।
২। প্ৰতি ১০০০ বিঘা ক্ষুদ্ৰ চাহ বাগিচাৰ বাবে একোটা ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপন কৰা প্ৰয়োজন, যাতে ক্ষুদ্ৰ চাহ খেতিয়কসকল আত্ম নিৰ্ভৰ হব পাৰে।ইয়াৰ বাবেও বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত ব্যক্তিৰ প্ৰয়োজন হব আৰু ফলত কৰ্ম সংস্থাপনৰ সুযোগ ওলাব।
৩। চাহৰ সমান্তৰালকৈ কৰিব পৰা আন আন খেতিৰ বিষয়ে ক্ষুদ্ৰ চাহ খেতিয়কক প্ৰশিক্ষিত কৰাৰ লগতে চৰকাৰী ভাবে তাৰ সুবিধা প্ৰদান কৰা দৰকাৰ। ই বাধ্যতামূলক হলে বহু সামগ্ৰীৰ ক্ষেত্ৰত স্ব নিৰ্ভৰ হব পৰা যাব। বহুতে তামোল,জালুকৰ খেতি কৰে। কিন্তু আৰু কি কি কৰিব পৰা যায়,সেইয়া বিজ্ঞজনৰ পৰা জনা ভাল।
৪। চাহ বাগিচাৰ মাজত ৰোপণ কৰিব লগা ছাঁ দিয়া গছ পুলিৰ নাৰ্ছাৰীৰ ও এক আত্ম নিৰ্ভৰ হব পৰা কাম।
৫। ছাঁ পুলি বোৰত দিব লগা বাঁহৰ"ঘেৰা", পাত তোলা টুকুৰী আদিয়েও কিছু লোকক স্ব নিৰ্ভৰ কৰিব পাৰে।
৬।বহু ক্ষেত্ৰত দেখা যায়, ডিচেম্বৰ- জানুৱাৰী মাহত চাহ গছ প্রোনিং কৰিব জনা মানুহৰ অভাৱ। এনে ক্ষেত্ৰত এই  কামৰ প্ৰশিক্ষিত এচামলোক থাকিলে, তেওঁলোকে seasonal income কৰিব পাৰিব।
৭। ক্ষুদ্ৰ চাহ খেতিয়ক আত্ম নিৰ্ভৰ হব পৰা সকলো সুবিধা চৰকাৰে প্ৰদান কৰিলে,  এইসকল খেতিয়কে বহু সকাহ পাব। কাৰণ নিজৰ ফেক্টৰী নথকা বাবে ডাঙৰ ডাঙৰ কোম্পানীৰ ফেক্টৰীৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় আৰু পাতৰ ভৰপক সময়ত তেওঁলোকে পাত লব নোৱাৰাৰ ফলত ক্ষুদ্ৰ খেতিয়কে পাত পেলাই দিব লগাৰ দৰে দুখদায়ক ঘটনা প্ৰতি বছৰেই সংঘটিত হয়।
৮। ক্ষুদ্ৰ চাহ খেতিৰ দ্বাৰা বহু নিবনুৱা সংস্থাপিত হৈছে। গতিকে এই কৃষি ক্ষেত্ৰখন আত্ম নিৰ্ভৰ হোৱা অত্যন্ত প্ৰয়োজন।
৯। আত্মনিৰ্ভৰ হ'বলৈ ল'ৰা -ছোৱালীক সৰুৰে পৰাই কিছুমান কামৰ প্ৰতি আগ্ৰহী কৰিব লাগিব। অসম যিহেতু চাহ উদ্যোগৰ ক্ষেত্ৰ খনত আন ৰাজ্যতকৈ আগ বঢ়া।গতিকে ইয়াৰ লগত জড়িত কৰ্মসমূহৰ বিষয়ে বিদ্যালয়ৰ পাঠ্য পুথিত অন্তৰ্ভুক্ত কৰিলে, শিশু কালৰ পৰাই তেওঁলোকে এইক্ষেত্ৰত দক্ষতা অৰ্জন কৰিবলৈ আগ্ৰহী হ'ব আৰু পৰৱৰ্তী সময়ত এইক্ষেত্ৰ খনত নিয়োজিত হব পাৰিব।
ব্যক্তিগত ভাবে এইক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ পৰা এনে চিন্তা বহু দিনৰ পৰাই মনলৈ আহি আছিল। বৰ্তমান প্ৰেক্ষাপটত প্ৰাসংগিক হব বুলি ব্যক্ত কৰিলো।
মল্লিকা দত্ত, তেজপুৰ
শোণিতপুৰ-৭৮৪০০১

এনিমেছন_প্ৰযুক্তিক_জনপ্ৰিয়_কৰা_আঁৰৰ_ব্যক্তিজন_আৰু_বৰ্তমান_ইয়াৰ_গুৰুত্ব:

এনিমেছন প্ৰযুক্তিক জনপ্ৰিয় কৰা আঁৰৰ ব্যক্তিজন আৰু বৰ্তমান ইয়াৰ গুৰুত্ব:

এনিমেছন প্ৰযুক্তি বৰ্তমান সময়ৰ এক অতি জনপ্ৰিয় তথা কেৰিয়াৰ গঢ়াৰ এক সুন্দৰ ক্ষেত্ৰ। এই ক্ষেত্ৰখনত বৰ্তমান নিয়োগৰ ন ন সুবিধা  ওলাইছে, বা নিজা ববীয়াকৈ এন্টাৰপ্রিনাৰ হিচাপেও কেৰিয়াৰ গঢ়াৰ বহু সম্ভাৱনা আহি পৰিছে।  এনিমেটৰ, গ্ৰাফিক ডিজাইনাৰ, কলা নিৰ্দেশক,  বোলছবি নিৰ্মান, মনোৰঞ্জন, বিজ্ঞাপন, মাল্টি মেডিয়া আৰ্টিষ্ট ইত্যাদি অনেক ক্ষেত্ৰত  এতিয়া এনিমেছনৰ বহু চাহিদা আছে। এজন ছাত্ৰ বা ব্যক্তিয়ে এনিমেছনৰ বিষয়ে আনুষ্ঠানিক শিক্ষা লবলৈ যাওঁতে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা হৈছে স্নাতক ডিগ্ৰী। ২০২৮ চনৰ ভিতৰত এইক্ষেত্ৰ খনত বহুপৰিমানে নিয়োগৰ সা- সুবিধা ওলাব। ভাৰতৰ বাহিৰত এজন মাল্টি মেডিয়া আৰ্টিষ্টৰ বছেৰেকীয়া আয় 60 লাখৰো অধিক । এই ক্ষেত্ৰখন সম্পূৰ্ণ সৃষ্টিশীল কামৰ লগত জড়িত হোৱা বাবে প্ৰত্যাহ্বান বহু বেছি আৰু প্ৰতিযোগিতা মূলক। এনিমেছনক কেৰিয়াৰ হিচাপে ল'বলৈ হ'লে এজন লোকৰ ছবি অঁকা তথা কলাত্মক প্ৰতিভা থাকিব লাগিব,কম্পিউটাৰৰ কিছুমান  চফ্টওৱেৰৰ জ্ঞান লাগিব, প্ৰায়োগিক গণিতৰ জ্ঞান আৰু যোগাযোগৰ প্ৰভাৱশালী দক্ষতা থাকিব লাগিব, আৰু লাগিব দলীয় ভাবে কাম কৰাৰ 
কৌশল তথা ইচ্ছা । এইদৰে এতিয়া এই উদ্যোগে নিয়োগ আৰু কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে।

কিন্তু বহু বছৰ পূৰ্বেই এই প্ৰযুক্তিক জনপ্ৰিয় কৰিছিল এজন ব্যক্তিয়ে। আপোনাৰ যদি  প্রিয় টেলিভিছন ধাৰাবাহিক কাৰ্টুন, তেনেহ'লে মিকি মাউচ, ডোনাল্ড ডাক, চিন্দ্ৰেল্লা, পিন'কিঅ' ইত্যাদি কাৰ্টুন চৰিত্ৰসমূহ নিশ্চয়  মনত আছে! বহুতেই হয়তো জানে বা বহুতেই হয়তো নাজানে,এই জনপ্ৰিয় কাৰ্টুন চৰিত্ৰবোৰৰ স্ৰষ্টা কোন।

এনিমেছন প্ৰযুক্তিৰ সহায়ত এনেদৰে বহু কাৰ্টুন চৰিত্ৰ সৃষ্টি কৰা, বিশ্বত এনিমেছন প্ৰযুক্তিক জনপ্ৰিয় কৰা ব্যক্তি গৰাকীৰ হৈছে, আমেৰিকাৰ চলচ্চিত্ৰ প্ৰযোজক, নিৰ্দ্দেশক,কাহিনীকাৰ, কন্ঠ শিল্পী আৰু বিখ্যাত এনিমেটৰ ৱাল্ট ডিজনী।

ৱাল্ট ডিজনীৰ কাৰ্টুনসমূহে দৰ্শকৰ মনত এক গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ টেলিভিচিনতো দেখিবলৈ পোৱা কাৰ্টুন ধাৰাবাহিক  মিকি মাউচ, ডোনাল্ড ডাক আদিৰ দৰে জনপ্ৰিয় কাৰ্টুনৰ সৃষ্টি কৰ্তা ৱাল্ট ডিজনী হৈছে এনিমেছন প্ৰযুক্তিক জনপ্ৰিয় কৰা বিশ্বৰ প্ৰথম জন ব্যক্তি। 

 ৱাল্ট ডিজনীৰ  জন্ম হৈছিল আমেৰিকাৰ  চিকাগোত, ১৯০১ চনৰ ৫ ডিচেম্বৰত। তেওঁৰ সম্পূৰ্ণ নাম ওৱালটাৰ এলিআচ ডিজনি। তেওঁ আছিল মাক দেউতাকৰ চতুৰ্থ সন্তান। ৱাল্ট ডিজনীয়ে ছবি অঁকাৰ অভ্যাস আৰম্ভ কৰিছিল ৪ বছৰ বয়সতে। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে ৱাল্ট ডিজনীয়ে ১৮ বছৰ বয়সত লাভ কৰিছিল জীৱিকা নির্বাহৰ  এটা পথ।সেইয়া আছিল এটা  ষ্টুডিঅ'ত   ড্রাফ মেনৰ কাম।  এইয়া আছিল তেওঁৰ  ছবি অঁকা প্ৰতিভাৰ প্ৰথম স্বীকৃতি, আৰু সৃষ্টিশীল কামৰ পৃথিৱীত সেইয়া আছিল তেওঁৰ প্ৰথম খোজ। তাতে তেওঁ লগ পায় অব ইৰেক( Ub Iwerks) ক। আৰু তাতে দুয়োজনৰ মাজত গভীৰ বন্ধুত্ব গঢ়ি উঠিল। কিন্তু তাত কাম কৰি ডিজনীৰ ইমান ভাল লগা নাছিল। সেয়ে তেওঁলোক দুয়ো মিলি এটা নতুন কোম্পানী খোলাৰ পৰিকল্পনা কৰে। 

১৯২০ চনত ডিজনীয়ে তেওঁৰ বন্ধু  অব ইৰেক লগত আমেৰিকাৰ Kansas নগৰলৈ উভতি আহে আৰু তাত স্থাপন কৰে Iwerks -Disney Commercial Artist ষ্টুডিঅ'।  প্ৰথমে তেওঁ শিশুৰ বাবে (১৯২১ চনত) কিছুমান প্রচলিত জনপ্ৰিয় সাধুৰ  ওপৰত চুটি চুটি কাৰ্টুন বনাবলৈ লয়।  কিন্তু 'এলিছ ইন ওৱানদাৰ লেণ্ড' (Allice In Woderland) নামৰ চুটি কাৰ্টুন ছবিখন বনোৱাৰ পাছত তেওঁলোকৰ ষ্টুডিঅ' আৰ্থিক সংকটত পৰে। সেয়ে ১৯২৩ চনত ডিজনী কেলিফোৰ্নিয়ালৈ যায় আৰু নিজৰ ভাতৃদ্বয়ৰ সহায়ত  স্থাপন কৰে Disney Brothers Studio । সেই ষ্টুডিঅ' তে ১৯২৮ চনত সৃষ্টি কৰে 'মিকি মাউচ' নামৰ এনিমেটেড কাৰ্টুন চৰিত্ৰৰ,  যি অতিশয় জনপ্ৰিয় হৈ পৰে।  উল্লেখযোগ্য যে এই চৰিত্ৰত তেওঁ নিজে  কণ্ঠদান কৰিছিল। ১৯৩২ চনলৈ তেওঁৰ এই চৰিত্ৰ ইমানেই জনপ্ৰিয় হৈছিল যে সেই সময়ত  আন বহুতেই তেনে ষ্টুডিঅ' খুলিছিল আৰু মিকি মাউচৰ আৰ্হিত তেওঁলোকেও চৰিত্ৰ সৃষ্টি কৰিছিল। কিন্তু তেওঁলোকে ডিজনীৰ জনপ্ৰিয়তাক চেৰ পেলাব নোৱাৰিলে। ১৯৩৫ চনলৈ তেওঁ এই কাৰ্টুন চৰিত্ৰটি  ৰঙীন কৰে আৰু লগতে সৃষ্টি কৰে সহযোগী চৰিত্ৰ  ডোনাল্ড ডাক', 'গুফী'(goofy) আৰু 'প্লুট'ৰ। এনেদৰে লাহে লাহে তেওঁলোকৰ ষ্টুডিঅ' ডাঙৰ হয় আৰু সৃষ্টি কৰে  Pinocchio, Snow white and the 7 Dwarfs, Chindrella ইত্যাদি কাৰ্টুন চৰিত্ৰসমূহৰ ।

১৯৪০ চনত  ৱাল্ট ডিজনী ব্যৱসায় সংক্ৰান্তীয় কামত চিকাগোলৈ গৈছিল । তাতে তেওঁ আগৰে পৰা কল্পনা কৰি থকা  এখন মনোৰঞ্জনৰ পার্কৰ স্কেছ অংকন কৰে। তেওঁৰ কল্পনা আছিল এনে এখন পাৰ্কৰ য'ত তেওঁৰ কৰ্মচাৰী সকলে নিজৰ পৰিয়াল আৰু সন্তানৰ লগত আজৰি সময় কটাব পাৰে। এই ধাৰণা পাছলৈ গৈ এক ডাঙৰ এণ্টাৰপ্ৰাইজ হয়গৈ, যাক এতিয়া সমগ্ৰ পৃথিৱীয়ে জানে ডিজনী  লেণ্ড(Disneyland) বুলি। তাৰ পাছত ১৯৬৬ চনত ফ্লৰিদাত  স্থাপন কৰে ডিজনী ৱৰ্ল্ড( Disney World)। 
 
অকল এয়ে নহয়, ৱাল্ট ডিজনীয়ে, এনিমেছনৰ সহায়ত  বহুতো চলচ্চিত্ৰ ও নিৰ্মাণ কৰিছিল। তদুপৰি তেওঁ লিখিছিল কেইবাখনো গ্ৰন্থ। তেওঁৰ এইসমূহ কামৰ স্বীকৃতি স্বৰূপে অনেক বঁটা আৰু সন্মান লাভ কৰিছিল। 

ছবি অঁকা hobby ৰে এনিমেছনৰ প্ৰযুক্তিক জনপ্ৰিয় কৰা এই গৰাকী মহান ব্যক্তিয়ে পৃথিৱীবাসীক ১০০ বছৰ  পূৰ্বেই দিছিল মনোৰঞ্জনৰ এক সুকীয়া সোৱাদ, লগতে আমাৰ বাবে এৰি থৈ গ'ল সৃষ্টিশীল কামৰ বাবে এক বৃহৎ ক্ষেত্ৰ!! আৰু এতিয়া এই ক্ষেত্ৰ খনত ওলাই পৰিছে যুৱ প্ৰজন্মৰ বাবে বহু সম্ভাৱনা, যিয়ে উপাৰ্জনৰ পথ দিয়াৰ লগতে দিব কাম কৰাৰ আনন্দ!

(  ৱাল্ট ডিচনীৰ বিষয়ে লিখোঁতে ৱিকিপিডিয়াৰ সহায় লোৱা হৈছে)

মল্লিকা দত্ত
২৫/১০/২০২১

মহী চন্দ্ৰ মিৰি:পৃথিৱী বিখ্যাত কাজিৰঙাক গঢ় দিয়া ব্যক্তিগৰাকী আৰু আমাৰ কৰণীয়:Mahi Chandra Miri,The man who put the Kaziranga in World Map

Picture source: Internet.
P.C: own mobile click

মহী চন্দ্ৰ মিৰি(Mahi Chandra Miri):
পৃথিৱী বিখ্যাত কাজিৰঙাক গঢ় দিয়া ব্যক্তিগৰাকীআৰু আমাৰ কৰণীয়: Mahi chandra Miri, the man behind the Kazironga National Park

(২৯ জুলাই, মহীচন্দ্ৰ মিৰি দেৱৰ মৃত্যু তিথিত শ্ৰদ্ধা জ্ঞাপন কৰি তেখেতৰ বিষয়ে দুআষাৰ)

এইটো অনস্বীকাৰ্য যে, বিশ্বত অসমৰ পৰিচয় মূলতঃ দুটা ক্ষেত্ৰত। এটা হ'ল চাহ, আৰু আনটো হ'ল এশিঙীয়া গঁড়ৰ বাসভূমি। আৰু এই এশিঙীয়া গঁড়ৰ বাবেই জনাজাত হ'ল কাজিৰঙা। আজি আমি দ্বিতীয়টো ক্ষেত্ৰৰ বিষয়েহে আলোচনা কৰিবলৈ লৈছোঁ।
অতীতত কাজিৰঙা কেনে ৰূপত আছিল আৰু কেনেকৈ আজি ই এখন পৃথিৱী বিখ্যাত অভয়াৰণ্যত পৰিণত হ'ল, সেই কথা আমি কিমানেই বা জানো! সেইসময়ত  কাজিৰঙা গেইম  অভয়াৰণ্য ( Kaziranga Game Sanctuary) হিচাপে জনাজাত আছিল,যিখন আছিল অতি অৱহেলিত বনাঞ্চল। সেইসময়ত ইচোৰাং চিকাৰীৰ ৰম্য ভূমি আছিল। চোৰাং চিকাৰীৰ কৰাল গ্ৰাসৰ পৰা এই  বনাঞ্চলক মুক্ত কৰি  বিশ্ব বিখ্যাত কাজিৰঙা অভয়াৰণ্যলৈ উন্নীত কৰাত যি গৰাকী ব্যক্তিয়ে অহোপুৰুষাৰ্থ কৰিছিল, তেওঁ আছিল  অসমৰ এগৰাকী সু- সন্তান   মহীচন্দ্ৰ মিৰি। আজি সেই গৰাকী ব্যক্তিৰ বিষয়ে দুআষাৰ লিখিবলৈ লৈছোঁ:---
 
মহী চন্দ্ৰ মিৰিৰ জন্ম হৈছিল১৯০৩ চনত, লখিমপুৰ ঢকুৱাখনাৰ আলিমুৰ নামৰ এখন গাঁৱত। তেখেতৰ পিতৃ আহিল দলে মিৰি, যি মাজুলী সত্ৰৰ শিষ্য আছিল। তেওঁ নিজে শিক্ষিত নাছিল যদিও, পুত্ৰ মহীচন্দ্ৰ মিৰিক উচ্চ শিক্ষিত কৰিবলৈ সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰিছিল।দেউতাকে মহীচন্দ্ৰ মিৰিক শিৱসাগৰ টাউন হাই স্কুলত নাম লগাই দিয়ে। তাৰ বাবে দেউতাকে  শিৱসাগৰত এটুকুৰা মাটি ভাড়াত লৈ এটা সৰু খেৰী ঘৰ সাজি দিছিল।তাতে পঢ়ি মহী চন্দ্ৰ মিৰিয়ে সুখ্যাতিৰে  মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত ১৯২৩ চনত  তেওঁ গুৱাহাটীৰ কটন কলেজত বিজ্ঞান শাখাত নাম ভৰ্তি কৰে।
কটন কলেজত মহীচন্দ্ৰ মিৰি আছিল হিন্দু হোষ্টেলত। তেওঁৰ ব্যক্তিত্ব এনে আছিল যে সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ আছিল।পঢ়া- শুনা ,খেলা -ধূলা সকলোতে আগৰণুৱা ব্যক্তি আছিল মহীচন্দ্ৰ মিৰি । তেওঁ টেবুল টেনিছ খেলিও ভাল পাইছিল। মহীচন্দ্ৰ মিৰি আছিল এজন নিয়মানুৱৰ্তী, সু-শৃংখল, মৃদু ভাষী ব্যক্তি।
মহীচন্দ্ৰ মিৰিয়ে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ  বিজ্ঞানত স্নাতক হয়। তদুপৰি তেওঁ আছিল ব্ৰিটিছ Imperial Forest Service  লৈ উত্তৰ পূৱৰ পৰা বাচনি হোৱা প্ৰথম গৰাকী দুগৰাকী ব্যক্তিৰ  এজন। আন গৰাকী ব্যক্তি আছিল  মাধৱ ভট্টাচাৰ্য। এওঁলোক দুয়োকে ১৯২৯ চনত ব্ৰিটিছ চৰকাৰে ৰেংগুনৰ ফৰেষ্ট কলেজলৈ ট্ৰেইনিং লবলৈ পঠিয়াই। ট্ৰেইনিং ৰ পৰা অহাৰ পাছত চৰকাৰে তেওঁক ১৯৩১ চনত গুৱাহাটীত অতিৰিক্ত সহকাৰী বন সংৰক্ষক(Extra  Assisstant  Conservator of Forest) হিচাপে নিযুক্তি দিয়ে।

মহীচন্দ্ৰ মিৰিৰ বিবাহ সম্পন্ন হৈছিল ১৯৩২ চনত, ৰায়চাহাব সোনাধৰ সেনাপতিৰ বিদুষী কন্যা ইন্দিৰা সেনাপতিৰ লগত। সেই সময়ত অতি প্ৰত্যাহ্বানৰ সন্মুখীন হৈও স্বৰ্গীয় সোনাধৰ সেনাপতিয়ে নিজৰ জীয়াৰীক মহীচন্দ্ৰ মিৰিলৈ বিয়া দিছিল এক মাত্ৰ তেওঁৰ ব্যক্তিত্ব, বুদ্ধিমত্তাত মুগ্ধ হৈ।এই অসবৰ্ণ বিবাহৰ ক্ষেত্ৰত তেখেতৰ পত্নী ইন্দিৰা মিৰিয়ে লিখিছে, " তেখেতৰ নাৰীৰ প্ৰতি অসীম শ্ৰদ্ধা আছিল। সেয়েহে মই শ্বিলং ,কলিকতাত ডাঙৰ হৈও অতি সহজেই  বর্তিব পাৰিছিলোঁ  জনজাতি মিৰিসকলৰ মৌখোৱা গাঁৱত।"
মহীচন্দ্ৰ মিৰিৰ পিতৃ -মাতৃ আছিল অতিশয় সহজ সৰল আৰু মৰমিয়াল। গোঁসাইৰ শিষ্য আছিল যদিও তেওঁলোকে বোৱাৰীয়েকৰ হাতেৰে খাবলৈ দ্বিধাবোধ নকৰিছিল।এনে বহল মনৰ পিতৃ-মাতৃৰ সন্তান মহীচন্দ্ৰ মিৰিৰো কিন্তু পিতৃ মাতৃৰ প্ৰতি ভক্তি আৰু দায়িত্ববোধ আছিল অসীম। সেই কথা তেখেতৰ পত্নী ইন্দিৰা মিৰিয়ে তেওঁৰ  আত্ম জীৱনী "মই আৰু নেফা"ত উল্লেখ কৰি লিখিছিল --জনজাতীয় সমাজৰ এটি প্ৰচলিত পানীয় আপং। পিতৃ মাতৃক আপং খোৱা দেখিলে বেয়া পাব বুলি ভাবি  তেওঁলোকৰ বিয়াৰ প্ৰায় এসপ্তাহৰ পাছত তেওঁ পত্নী ইন্দিৰা মিৰিক কৈছিল, " দেউতাহতে বহু দিন আপং খোৱা নাই। মতি( তেওঁলোকৰ কাম কৰা ল'ৰা)ক সিহঁতৰ ঘৰতে কৰা এটেকেলি আপং আনি দিবলৈ কৈছিলোঁ। সিয়ো আজিলৈ নানিলে। মই দোকানৰ পৰা এবটল আনি দিলে তুমি বেয়া পাবা নেকি?"  তেওঁ পিতৃ মাতৃৰ বাবেহে এনে যোগাৰ দিছিল ,নিজে কিন্তু খোৱা নাছিল। এই কথা গম পোৱা যায় ইন্দিৰা মিৰিৰ আত্ম জীৱনীত।  
মহীচন্দ্ৰ মিৰিৰ নিজৰ গাঁও খনৰ প্ৰতিও আছিল অসীম মৰম আৰু শ্ৰদ্ধা। গাঁৱলৈ গ'লে পথাৰত হাল বাইছিলগৈ। তেওঁ দেখিছিল, মিৰি চাং ঘৰৰ সন্মুখভাগত যথেষ্ট লেতেৰা হৈ থাকে। তেখেতে গাঁৱৰ ডেকাসকলক লৈ সেই আৱৰ্জনা আঁতৰাই পৰিষ্কাৰ কৰাইছিল।আলি পদূলিবোৰ ভাল কৰাইছিল। তেওঁ মিছিং সমাজক শিক্ষিত হোৱাটো অন্তঃকৰণেৰে বিছাৰিছিল। বহু মিছিং ল'ৰাক তেখেতে পঢ়াৰ  খৰছ বহন কৰি  নিজৰ লগত ৰাখি পঢ়াইছিল। 
সৰুৰে পৰা প্ৰকৃতিৰ লগত ডাঙৰ দীঘল হোৱা মহীচন্দ্ৰ মিৰিয়ে জীৱনত তেনে কামেই কৰিবলৈ পালে।তেখেত আছিল অসমৰ প্ৰথম গৰাকী মুখ্য বনসংৰক্ষক বিষয়া। এজন দক্ষতা সম্পন্ন নেতৃত্বশীল ব্যক্তি মহীচন্দ্ৰ মিৰিয়ে  প্ৰবীণ ব্ৰিটিছ বন বিষয়া A. J Miloy চাহাব আৰু তেওঁৰ সহযোগী কৰ্মচাৰী সকলৰ সৈতে মিলি কাজিৰঙাক পুনৰুদ্ধাৰ কৰাত সফল হৈছিল। এইখিনিতে উল্লেখযোগ্য যে, A. J Miloy চাহাবৰ অসমৰ বনাঞ্চল আৰু ইয়াৰ সম্পদ সংৰক্ষণত যথেষ্ট অৱদান আছে। তেখেতৰ প্ৰচেষ্টাতে মানস সংৰক্ষিত বনাঞ্চলৰ পৰা গঁড় আৰু হাতীৰ চোৰাং বেহা বন্ধ হৈছিল। অসমৰ বনাঞ্চললৈ অৱদান আগবঢ়োৱা আন এজন ইংৰাজ প্ৰকৃতিবিদ আছিল E. P Gee, যি মহীচন্দ্ৰ মিৰিক  জৰীপত বিজ্ঞানসন্মত  পদ্ধতি অৱলম্বন কৰাত সহায় কৰিছিল।
সি যি কি নহওঁক,১৯৩৪ চনত তেওঁক গুৱাহাটীৰ পৰা কাজিৰঙাৰ বাগৰিত ৰেঞ্জলৈ বদলি কৰে। ইয়াত মহীচন্দ্ৰ মিৰিক এক প্ৰত্যাহ্বান মূলক  দায়িত্ব দিয়া হৈছিল, সেইয়া হৈছে--- কাজিৰঙাখন জৰীপ কৰি থান-থিত লগোৱা।কিয়নো সেই সময়ত কাজিৰঙা চোৰাং চাকৰিৰ ৰম্যভূমিত পৰিণত হৈছিল। দায়িত্ব লৈয়ে তেখেতে বাগৰিৰ এডোখৰ সুবিধাজনক ঠাইত  এটি অস্থায়ী কেম্প সাজে, য'ৰ পৰা তেওঁৰ কাজিৰঙাখন নিৰীক্ষণ কৰাত সুবিধা হয়। কাজিৰঙাত মহীচন্দ্ৰ মিৰিৰ উপস্থিতি এক বোমা বিস্ফোৰণৰ লগত তুলনা কৰিব পাৰি। তেওঁ যোগদান কৰাৰ লগে লগে চোৰাং চিকাৰীৰ  গতি বিধি কমি আহিছিল। তেওঁ যেতিয়া জঙ্গলত সোমাইছিল ,তেতিয়া দেখিছিল কেইবা ডজন খালি হৈ পৰি থকা চোৰাং চিকাৰীৰ বাহৰ। বাগৰিত যোগদান কৰিয়ে মহীচন্দ্ৰ মিৰিয়ে নিৰৱচ্ছিন্ন ভাবে জঙ্গলত ঘূৰিবলৈ ধৰিলে। চোৰাং চিকাৰীৰ কৱল পৰা কাজিৰঙাক মুক্ত কৰিবলৈ তেওঁ পুৱা তিনি বজাত উঠি দিনৰ এঘাৰ বজালৈকে হাতীত উঠি জংঘলত তহল দিবলৈ ল'লে। তদুপৰি তেখেতে কাজিৰঙাৰ গাতে লগা কাৰ্বি আংলংৰ এটা পাহাৰৰ টিঙত বাইন'কুলাৰ লৈও চোৰাং চিকাৰী নিৰীক্ষণ কৰিছিল। এই পাহাৰৰ টিঙক ১৯৭০ চনত মহী মিৰি টিং নামে নামাকৰণ কৰা হয়।
তেওঁ কাজিৰঙাৰ বন্য প্ৰাণী সুৰক্ষাৰ বাবে কিমান কষ্ট কৰিছিল, সেই কথা তেখেতৰ পত্নী পদ্মশ্ৰী ইন্দিৰা মিৰিয়ে তেওঁৰ আত্ম জীৱনীত এনেদৰে লিখিছে-- " মোৰ স্বামী স্বৰ্গীয় মহীচন্দ্ৰ মিৰি বন বিভাগৰ উচ্চপদস্থ বিষয়া আছিল। মোৰেই সৌভাগ্য -এক দেৱতুল্য পিতৃ এৰি এজন মহান স্বামী লাভ কৰিছিলোঁ।তেখেতৰ সত্য নিষ্ঠা, কৰ্মশীলতা ,জ্ঞানৰ গভীৰতা আৰু দায়িত্ববোধৰ অপূৰ্ব চৰিত্ৰই মোক বিশেষ ভাবে আকৰ্ষণ কৰিছিল।তেখেতে যি  নিষ্ঠা আৰু দায়িত্ববোধেৰে কাজিৰঙা অভয়াৰণ্য গঢ়িছিল তাক দেখা জনেহে উপলব্ধি কৰিব পাৰিছিল, নেদেখা জনৰ বাবে এনে তন্ময় কৰ্ম নিষ্ঠা কল্পনাতীত।"
মহী চন্দ্ৰ মিৰি বাগৰি অঞ্চলৰ গাঁও বাসীৰ প্রিয় আছিল। সাপ ওলালে গাঁৱৰ ৰাইজ তেওঁৰ ওচৰলৈ দৌৰি আহিছিল। তেওঁ সাপ ধৰাত পাকৈত আছিল। ইয়াৰ উপৰি মহী চন্দ্ৰ মিৰি আছিল প্ৰথম গৰাকী ব্যক্তি, যি জীৱন্তে এটি গঁড়  ধৰিছিল। এই গঁড় পাছত USA লৈ প্ৰেৰণ কৰা হৈছিল।
১৯৩৮ চনৰ শেষৰ ফালে তেওঁ গোলাঘাটলৈ বদলি হৈ যায় আৰু তাতে ১৯৩৯ চনৰ ২৯ জুলাইত মাত্ৰ ৩৮ বছৰ বয়সত কলা জ্বৰত আক্ৰান্ত হৈ তেখেত স্বৰ্গগামী হয়।তেখেতৰ মৃত্যু সময়ত তেখেতৰ দুই সন্তান আৰু সন্তান সম্ভৱা পত্নীক এৰি থৈ যায়। 

এনে এগৰাকী প্ৰকৃতি প্ৰেমী, যি জীৱনৰ সৰহভাগ সময় কাজিৰঙাৰ গঁড়, হাতী আৰু অন্যান্য বন্যপ্ৰাণী আৰু বনাঞ্চল সুৰক্ষাৰ বাবে ত্যাগ কৰিছিল। তেওঁৰ বাবেই এশিঙীয়া গঁড়ৰ বাসভূমি কাজিৰঙাই পৃথিৱীত এক পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ল। তেখেতৰ মৃত্যু অসমৰ এক অপুৰণীয় ক্ষতি। তেখেতৰ বিষয়ে ইংৰাজ প্ৰকৃতিবিদ, বন্যপ্ৰাণী বিশাৰদ, Edward Pritchard Gee(E. P. Gee) তেখেতৰ  লিখিছে, "The man who put Kaziranga in world map, "তেখেতৰ মৃত্যুত কংজাৰভেটৰ মেকাৰৰ্ণেছ চাহাবে লিখিছিল," We have lost the jewel of the forest department."
এইসকল বিদেশী লোকে তেওঁৰ অৱদান যিদৰে উপলব্ধি কৰিছিল, আমি বাৰু পৰিছোনে কৰিব?

বিশেষ দষ্ট্রব্য: কাজিৰঙাক বিশ্ব দৰবাৰত তুলি ধৰি  স্বৰ্গীয় মহীচন্দ্ৰ মিৰিদেৱে অসম তথা ভাৰতলৈ যি  অৱদান আগবঢ়াই থৈ গ'ল,সেইয়া অতুলনীয়। কিন্তু এতিয়ালৈকে তেখেতে তেখেতৰ যোগ্য সন্মানৰ পৰা বঞ্চিত হৈ আছে যেন বোধ হয়! তেখেতৰ নামত  নামকৰণ কৰা কাজিৰঙাৰ "মহী মিৰি টিং" ৰো কোনো যত্ন নাই। অনাদৰত এক এৰাপৰলীয়া ঠাইলৈ পৰ্যবসিত হৈছে। এইয়া জানো তেখেতৰ প্ৰতি আমি যচা যোগ্য সন্মান?এই টিংৰ কাষেদি পাৰহৈ যোৱা ৰাষ্ট্রীয় পথছোৱা "মহী মিৰি টিং কৰিদ'ৰ" বুলিও আখ্যা দিব পৰা যায়!  তদুপৰি আমি ভাবো ,তেখেতক  মৰণোত্তৰ ভাবে হ'লেও ভাৰতৰ চৰকাৰৰ পৰা উপযুক্ত সন্মান প্ৰদান কৰা হ'লে তেখেতৰ কামক যোগ্য স্বীকৃতি দিয়া হ'ল হেঁতেন! লগতে বন্যপ্ৰাণী সংৰক্ষণ প্ৰতি তেখেতৰ যি প্ৰচেষ্টা তাৰ লগত সংগতি ৰাখি তেখেতৰ মৃত্যু দিনটিত বিদ্যালয়সমূহতএক সজাগতা মূলক অনুষ্ঠান পতাৰো ব্যৱস্থা কৰিলে ,সকলোৱে তেওঁক মনত ৰখাৰ লগতে তেখেতৰ প্ৰতিও উচিত সন্মান প্ৰদৰ্শন কৰা হ'ব। আজিৰ প্ৰজন্মই তেওঁক ভালদৰে নাজানে, গতিকে তেখেতৰ নামত কোনো ফৰেষ্ট কলেজ বা অভয়াৰণ্যৰ নাম নামাকৰণ কৰিলে তেখেতৰ প্ৰতি সন্মান যচাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও চিনাকি হৈ ৰ'ব! আমি আশাকৰোঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত এইগৰাকী অসমৰ সু সন্তানে যোগ্য সন্মান লাভ কৰিব!*

(উৎস: গ্ৰন্থ: ডঃ ইন্দিৰা মিৰিৰ  আত্ম জীৱনী "মই আৰু নেফা", Article: Curzon, Miri and Kaziranga by Ramani kanta Deka, Ex president of Kaziranga  Wildlife Society, আৰু
http://mishingrenaissance.blogspot.com/2008/11/man-behind-kaziranga-national-parkmahi.html?m=1)
মল্লিকা দত্ত, 
তেজপুৰ, শোণিতপুৰ, অসম।
ফোন নম্বৰ: ৯৬৭৮৫৫৪৫০৩