দৃশ্য-১
(নেপথ্যত: এদিন ঘৰচিৰিকা কেইটামানে মানুহ এঘৰৰ চোতালত পৰি থকা খাদ্য খাই আছিল। তেনেতে...
কা,কা, কা...)
ঘৰচিৰিকা:অ কাউৰী ককাই, তুমি আকৌ আমাৰ মাজলৈ কিয় আহিলা? যেনেতেনে অকণমান আহাৰ পাইছোঁ, তাকে যদি তুমি খায় পেলোৱা, তেনেহ'লে আমি কি খাম? সেই বাবেই তোমালোকক আমি ভাল নাপাওঁ!
কাউৰী:তোমালোকে মোক ভাল নাপালে কি হ'ব!মই যে মানুহৰ কিমান কামত আহোঁ,তোমালোকে কি বুজিবা!!
ঘৰচিৰিকা:কিনো মানুহৰ কামত অহা কাম কৰা তুমি?
কাউৰী:মই যে মানুহে পেলোৱা গেলা-পঁচা বস্তুবোৰ খাই ঠাই বোৰ চাফা কৰি ৰাখোঁ! আগতে আমাৰ সংখ্যা বহুত আছিল। আজি কালি থাকিবলৈ ঠাই নোহোৱা বাবে কমি গৈছে। গতিকে আমি কেইজনমানেই যিমান পাৰোঁ পেলনীয়া বস্তুবোৰ খাওঁ আৰু ঠাইবোৰ চাফা কৰোঁ।
ঘৰচিৰিকা: অ হয় নেকি? সেইবাবে মানুহে চাগে তোমালোকক ভাল পায়!
কাউৰী: নাজানো!আমাৰ লগৰীয়া বন্ধু শগুন, হাড়গিলা, এওঁলোক থাকোতে আমাৰ বৰ ভাল লাগিছিল।আমি সকলোৱে পেলনীয়া বস্তু, মৰা জীৱ-জন্তু আদি মিলি জুলি খাইছিলোঁ। কিন্তু এতিয়া তেওঁলোকক দেখিবলৈকে নোপোৱা হ'লো! তেওঁলোকৰ ঠাইবোৰ মানুহেই নোহোৱা কৰিলে, ওখ ওখ গছবোৰ কাটি কাটি!!
ঘৰচিৰিকা: আমাৰো চাগে এদিন তেনে দশাই হ'ব!আজি কালি আমাৰো থাকিবলৈ ঠাই নোহোৱা হৈছে। সকলোৱে আজি কালি পকা ঘৰ বনায়।খেৰৰ ঘৰবোৰ নোহোৱা হ'ল, গতিকে আমাৰো বাসস্থান নোহোৱা হ'ল।
কাউৰী: এৰা, কি কৰিবা!! তোমালোকেও ঘৰ সাজিবলৈ খেৰীঘৰৰ সলনি বেলেগ ঠাই লোৱা।
ঘৰচিৰিকা: হয়, ঠিকেই কৈছা! আমিও আমাৰ অভ্যাস সলনি কৰিব লাগিব।নহ'লে যে জীয়াই থকা টান হ'ব! আমিও টো খেতি পথাৰৰ অনিষ্টকাৰী পোক-পতংগ খাই মানুহক সহায় কৰোঁ। তেওঁলোকে বাৰু আমাৰ কথা কিয় নাভাবে!!
দৃশ্য-২
(চিন্তু আৰু ৰুবুলৰ কথোপকথন)
চিন্তু: ৰুবুল, বাহিৰত অকলে অকলে কি কৰি আছ'?
ৰুবুল: অ'চিন্তু! ৰ', কালি মই নতুন কথা এটা জানিলো।তাকে অলপ নিজে কৰিবলৈ চেষ্টা কৰি আছো।
চিন্তু: কি কথানো, মোকো ক'চোন।
ৰুবুল: কালি মই মাৰ লগত মামাৰ ঘৰলৈ গৈছিলো।আৰু তাত দেখিলো, মামাহতৰ ঘৰৰ চাঁদৰ ওপৰৰ চুকত, ভেন্টিলেটৰৰ ফাঁকত আৰু য'ত য'ত ঘৰৰ ওপৰত অলপ সুৰুঙা নিচিনা আছে, তাতে মামাই জোতা অনা কাগজৰ খালী বাকচবোৰ থৈ দিছে।আৰু বাকচ বোৰত একোটাকৈ ফুটাও কৰি দিছে, চৰাই এটা ওলোৱা সোমোৱা কৰিব পৰাকৈ।
চিন্তু: তাৰ পাছত?
ৰুবুল: তাত দেখিলো, সেই জোতা বাকচবোৰত ঘৰচিৰিকাই বাঁহ পাতি বহুতো পোৱালী জগাইছে।কোনোটো বাকচত কণী পাৰি থৈছে। কোনোটোত আকৌ পোৱালি উৰিব পৰা হৈছে।
চিন্তু: এ হয় নেকি?
ৰুবুল: অ', তাকে দেখি মইও আজি চেষ্টা কৰিছোঁ, ঘৰচিৰিকাৰ বাবে ঘৰ সাজিবলৈ।
চিন্তু: ইচ, ইমান যে ভাল কথা এটা শিকিলোঁ!! আজি কালি ঘৰচিৰিকা লুপ্ত হবলৈ ধৰা বাবেইটো বিশ্ব ঘৰচিৰিকা দিৱস প্ৰতি বছৰে পালন কৰা হয়,২০ মাৰ্চত। আমি যদি প্ৰত্যেকেই এনেধৰণৰ কাম কৰো, ঘৰচিৰিকা লুপ্ত হোৱাৰ পৰা নিশ্চয় কিছু বচাব পাৰিম!
(জানমণিৰ প্ৰৱেশ)
জানমণি: চিন্তু, ৰুবুল, কি কৰিছ? আজি যে দেওবাৰ পাহৰিলি নেকি? আমি যে আজি গান শিকিবলৈ যোৱাৰ কথা আছিল ,লিলি বাইদেউৰ পৰা, পাহৰিলি?
চিন্তু: অ', জানমণি। হয়তো, পাহৰিছিলোয়েই!পিছে ৰুবুলে কি কাম কৰিছে মন কৰিছনে নাই?
জানমণি: কি কাম কৰিছনো ৰুবুল ,চাওঁ?
চিন্তু:ই ঘৰচিৰিকা চৰাইৰ বাবে বাঁহ সাজিছে, পেলনীয়া জোতা বাকচবোৰৰ পৰা। মই ভাবিছোঁ, মইও বনাম।
জানমণি: অ',হয় নেকি? ইমান যে ভাল কাম কৰিছ ৰুবুল! মই যে চৰাই বৰ ভাল পাওঁ।আমাৰ ঘৰৰ তামোল গছত আগতে কেইটামান টোকোৰা চৰাই বাঁহ দেখিছিলো । এতিয়া নোহোৱা হ'ল। ক'লৈ গ'ল জানো চৰাইবোৰ!!
চিন্তু: তহঁতে আৰু এটা কথা গম পাৱনে নাই নাজানো! গোলকীয় উষ্ণতাৰ বাবে আমাৰ পৃথিৱীৰ পৰা বহুতো প্ৰাণী বিলুপ্ত হ'বলৈ গৈ আছে। অধিক উষ্ণতা হ'লে চৰাইও বাচি থাকিবলৈ টান হয়।কোৱা শুনিছোঁ, এই বছৰ হেনো তাপমাত্ৰা আৰু বাঢ়িব!
ৰুবুল: মইও শুনিছোঁ কথাটো। মামায়ে ক'লে। আৰু কৈছে যে উষ্ণতা বাঢ়িলে চৰাই-চিৰিকতিৰ বাবে পানীৰো বেছি প্ৰয়োজন হ'ব। সেইবাবে ঘৰৰ চাদত, বা বাহিৰৰ চোতালত কিবা পাত্ৰত সদায় সিহঁতৰ বাবে পানী থোৱাৰ ব্যৱস্থা কৰিব লাগে।
জানমণি: অ', হয় নেকি? মই আজিয়ে থ'মগৈ।
চিন্তু: মইও ৰাখিম।মাটিৰ পাত্ৰ লওঁ যদি কেনে হ'ব বাৰু?
ৰুবুল: বৰ ভাল হ'ব। মই মামাক দেখিছো, মাটিৰ পাত্ৰত পানী আৰু আৰু কিছুমান শস্যৰ গুটিও চৰাইৰ বাবে ৰাখিছে।
চিন্তু:ৰুবুল, আজি তোৰ পৰা কেইবাটাও কথা । তোক অশেষ ধন্যবাদ। ব'ল, এতিয়া আমি লিলি বাইদেউৰ ঘৰলৈ যাওঁ।
দৃশ্য-৩
কাউৰী: হেৰা ঘৰচিৰিকা ভন্টী, আজি কালি তোমাক নেদেখাই হ'লো!
ঘৰচিৰিকা: অ', কাউৰী ককাই! মই আজি কালি এটা নতুন অভ্যাস ল'লো। কিছুদিনৰ আগতে মানুহ এঘৰত দেখিলো, কিবা বাকচ কিছুমান ওপৰত থৈ দিছে। তাতে সোমাই থাকিবলৈ ল'লো। লাহে লাহে বাঁহো বনালো। পোৱালী ও জগালো।এতিয়া আমি তাতে থাকো। বৰ নিৰাপদে আছো, জানা!
কাউৰী: এ, হয় নেকি? বৰ ভাল কথা। থাকা থাকা, ভালে থাকা! মই বাৰু মাজে মাজে আহিম। আজিলৈ যাওঁ দেই!
(কা, কা,কা...)
বি: দ্ৰ: নাটিকা খনি তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ ওমলা ঘৰ অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ইতিপূৰ্বে পৰিবেশিত।
---------###--------###--------###-------###-------
No comments:
Post a Comment