এনিমেছন প্ৰযুক্তিক জনপ্ৰিয় কৰা আঁৰৰ ব্যক্তিজন আৰু বৰ্তমান ইয়াৰ গুৰুত্ব:
এনিমেছন প্ৰযুক্তি বৰ্তমান সময়ৰ এক অতি জনপ্ৰিয় তথা কেৰিয়াৰ গঢ়াৰ এক সুন্দৰ ক্ষেত্ৰ। এই ক্ষেত্ৰখনত বৰ্তমান নিয়োগৰ ন ন সুবিধা ওলাইছে, বা নিজা ববীয়াকৈ এন্টাৰপ্রিনাৰ হিচাপেও কেৰিয়াৰ গঢ়াৰ বহু সম্ভাৱনা আহি পৰিছে। এনিমেটৰ, গ্ৰাফিক ডিজাইনাৰ, কলা নিৰ্দেশক, বোলছবি নিৰ্মান, মনোৰঞ্জন, বিজ্ঞাপন, মাল্টি মেডিয়া আৰ্টিষ্ট ইত্যাদি অনেক ক্ষেত্ৰত এতিয়া এনিমেছনৰ বহু চাহিদা আছে। এজন ছাত্ৰ বা ব্যক্তিয়ে এনিমেছনৰ বিষয়ে আনুষ্ঠানিক শিক্ষা লবলৈ যাওঁতে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা হৈছে স্নাতক ডিগ্ৰী। ২০২৮ চনৰ ভিতৰত এইক্ষেত্ৰ খনত বহুপৰিমানে নিয়োগৰ সা- সুবিধা ওলাব। ভাৰতৰ বাহিৰত এজন মাল্টি মেডিয়া আৰ্টিষ্টৰ বছেৰেকীয়া আয় 60 লাখৰো অধিক । এই ক্ষেত্ৰখন সম্পূৰ্ণ সৃষ্টিশীল কামৰ লগত জড়িত হোৱা বাবে প্ৰত্যাহ্বান বহু বেছি আৰু প্ৰতিযোগিতা মূলক। এনিমেছনক কেৰিয়াৰ হিচাপে ল'বলৈ হ'লে এজন লোকৰ ছবি অঁকা তথা কলাত্মক প্ৰতিভা থাকিব লাগিব,কম্পিউটাৰৰ কিছুমান চফ্টওৱেৰৰ জ্ঞান লাগিব, প্ৰায়োগিক গণিতৰ জ্ঞান আৰু যোগাযোগৰ প্ৰভাৱশালী দক্ষতা থাকিব লাগিব, আৰু লাগিব দলীয় ভাবে কাম কৰাৰ
কৌশল তথা ইচ্ছা । এইদৰে এতিয়া এই উদ্যোগে নিয়োগ আৰু কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে।
কিন্তু বহু বছৰ পূৰ্বেই এই প্ৰযুক্তিক জনপ্ৰিয় কৰিছিল এজন ব্যক্তিয়ে। আপোনাৰ যদি প্রিয় টেলিভিছন ধাৰাবাহিক কাৰ্টুন, তেনেহ'লে মিকি মাউচ, ডোনাল্ড ডাক, চিন্দ্ৰেল্লা, পিন'কিঅ' ইত্যাদি কাৰ্টুন চৰিত্ৰসমূহ নিশ্চয় মনত আছে! বহুতেই হয়তো জানে বা বহুতেই হয়তো নাজানে,এই জনপ্ৰিয় কাৰ্টুন চৰিত্ৰবোৰৰ স্ৰষ্টা কোন।
এনিমেছন প্ৰযুক্তিৰ সহায়ত এনেদৰে বহু কাৰ্টুন চৰিত্ৰ সৃষ্টি কৰা, বিশ্বত এনিমেছন প্ৰযুক্তিক জনপ্ৰিয় কৰা ব্যক্তি গৰাকীৰ হৈছে, আমেৰিকাৰ চলচ্চিত্ৰ প্ৰযোজক, নিৰ্দ্দেশক,কাহিনীকাৰ, কন্ঠ শিল্পী আৰু বিখ্যাত এনিমেটৰ ৱাল্ট ডিজনী।
ৱাল্ট ডিজনীৰ কাৰ্টুনসমূহে দৰ্শকৰ মনত এক গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ টেলিভিচিনতো দেখিবলৈ পোৱা কাৰ্টুন ধাৰাবাহিক মিকি মাউচ, ডোনাল্ড ডাক আদিৰ দৰে জনপ্ৰিয় কাৰ্টুনৰ সৃষ্টি কৰ্তা ৱাল্ট ডিজনী হৈছে এনিমেছন প্ৰযুক্তিক জনপ্ৰিয় কৰা বিশ্বৰ প্ৰথম জন ব্যক্তি।
ৱাল্ট ডিজনীৰ জন্ম হৈছিল আমেৰিকাৰ চিকাগোত, ১৯০১ চনৰ ৫ ডিচেম্বৰত। তেওঁৰ সম্পূৰ্ণ নাম ওৱালটাৰ এলিআচ ডিজনি। তেওঁ আছিল মাক দেউতাকৰ চতুৰ্থ সন্তান। ৱাল্ট ডিজনীয়ে ছবি অঁকাৰ অভ্যাস আৰম্ভ কৰিছিল ৪ বছৰ বয়সতে। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে ৱাল্ট ডিজনীয়ে ১৮ বছৰ বয়সত লাভ কৰিছিল জীৱিকা নির্বাহৰ এটা পথ।সেইয়া আছিল এটা ষ্টুডিঅ'ত ড্রাফ মেনৰ কাম। এইয়া আছিল তেওঁৰ ছবি অঁকা প্ৰতিভাৰ প্ৰথম স্বীকৃতি, আৰু সৃষ্টিশীল কামৰ পৃথিৱীত সেইয়া আছিল তেওঁৰ প্ৰথম খোজ। তাতে তেওঁ লগ পায় অব ইৰেক( Ub Iwerks) ক। আৰু তাতে দুয়োজনৰ মাজত গভীৰ বন্ধুত্ব গঢ়ি উঠিল। কিন্তু তাত কাম কৰি ডিজনীৰ ইমান ভাল লগা নাছিল। সেয়ে তেওঁলোক দুয়ো মিলি এটা নতুন কোম্পানী খোলাৰ পৰিকল্পনা কৰে।
১৯২০ চনত ডিজনীয়ে তেওঁৰ বন্ধু অব ইৰেক লগত আমেৰিকাৰ Kansas নগৰলৈ উভতি আহে আৰু তাত স্থাপন কৰে Iwerks -Disney Commercial Artist ষ্টুডিঅ'। প্ৰথমে তেওঁ শিশুৰ বাবে (১৯২১ চনত) কিছুমান প্রচলিত জনপ্ৰিয় সাধুৰ ওপৰত চুটি চুটি কাৰ্টুন বনাবলৈ লয়। কিন্তু 'এলিছ ইন ওৱানদাৰ লেণ্ড' (Allice In Woderland) নামৰ চুটি কাৰ্টুন ছবিখন বনোৱাৰ পাছত তেওঁলোকৰ ষ্টুডিঅ' আৰ্থিক সংকটত পৰে। সেয়ে ১৯২৩ চনত ডিজনী কেলিফোৰ্নিয়ালৈ যায় আৰু নিজৰ ভাতৃদ্বয়ৰ সহায়ত স্থাপন কৰে Disney Brothers Studio । সেই ষ্টুডিঅ' তে ১৯২৮ চনত সৃষ্টি কৰে 'মিকি মাউচ' নামৰ এনিমেটেড কাৰ্টুন চৰিত্ৰৰ, যি অতিশয় জনপ্ৰিয় হৈ পৰে। উল্লেখযোগ্য যে এই চৰিত্ৰত তেওঁ নিজে কণ্ঠদান কৰিছিল। ১৯৩২ চনলৈ তেওঁৰ এই চৰিত্ৰ ইমানেই জনপ্ৰিয় হৈছিল যে সেই সময়ত আন বহুতেই তেনে ষ্টুডিঅ' খুলিছিল আৰু মিকি মাউচৰ আৰ্হিত তেওঁলোকেও চৰিত্ৰ সৃষ্টি কৰিছিল। কিন্তু তেওঁলোকে ডিজনীৰ জনপ্ৰিয়তাক চেৰ পেলাব নোৱাৰিলে। ১৯৩৫ চনলৈ তেওঁ এই কাৰ্টুন চৰিত্ৰটি ৰঙীন কৰে আৰু লগতে সৃষ্টি কৰে সহযোগী চৰিত্ৰ ডোনাল্ড ডাক', 'গুফী'(goofy) আৰু 'প্লুট'ৰ। এনেদৰে লাহে লাহে তেওঁলোকৰ ষ্টুডিঅ' ডাঙৰ হয় আৰু সৃষ্টি কৰে Pinocchio, Snow white and the 7 Dwarfs, Chindrella ইত্যাদি কাৰ্টুন চৰিত্ৰসমূহৰ ।
১৯৪০ চনত ৱাল্ট ডিজনী ব্যৱসায় সংক্ৰান্তীয় কামত চিকাগোলৈ গৈছিল । তাতে তেওঁ আগৰে পৰা কল্পনা কৰি থকা এখন মনোৰঞ্জনৰ পার্কৰ স্কেছ অংকন কৰে। তেওঁৰ কল্পনা আছিল এনে এখন পাৰ্কৰ য'ত তেওঁৰ কৰ্মচাৰী সকলে নিজৰ পৰিয়াল আৰু সন্তানৰ লগত আজৰি সময় কটাব পাৰে। এই ধাৰণা পাছলৈ গৈ এক ডাঙৰ এণ্টাৰপ্ৰাইজ হয়গৈ, যাক এতিয়া সমগ্ৰ পৃথিৱীয়ে জানে ডিজনী লেণ্ড(Disneyland) বুলি। তাৰ পাছত ১৯৬৬ চনত ফ্লৰিদাত স্থাপন কৰে ডিজনী ৱৰ্ল্ড( Disney World)।
অকল এয়ে নহয়, ৱাল্ট ডিজনীয়ে, এনিমেছনৰ সহায়ত বহুতো চলচ্চিত্ৰ ও নিৰ্মাণ কৰিছিল। তদুপৰি তেওঁ লিখিছিল কেইবাখনো গ্ৰন্থ। তেওঁৰ এইসমূহ কামৰ স্বীকৃতি স্বৰূপে অনেক বঁটা আৰু সন্মান লাভ কৰিছিল।
ছবি অঁকা hobby ৰে এনিমেছনৰ প্ৰযুক্তিক জনপ্ৰিয় কৰা এই গৰাকী মহান ব্যক্তিয়ে পৃথিৱীবাসীক ১০০ বছৰ পূৰ্বেই দিছিল মনোৰঞ্জনৰ এক সুকীয়া সোৱাদ, লগতে আমাৰ বাবে এৰি থৈ গ'ল সৃষ্টিশীল কামৰ বাবে এক বৃহৎ ক্ষেত্ৰ!! আৰু এতিয়া এই ক্ষেত্ৰ খনত ওলাই পৰিছে যুৱ প্ৰজন্মৰ বাবে বহু সম্ভাৱনা, যিয়ে উপাৰ্জনৰ পথ দিয়াৰ লগতে দিব কাম কৰাৰ আনন্দ!
( ৱাল্ট ডিচনীৰ বিষয়ে লিখোঁতে ৱিকিপিডিয়াৰ সহায় লোৱা হৈছে)
মল্লিকা দত্ত
২৫/১০/২০২১