Friday, 13 November 2020
Tuesday, 23 June 2020
সোঁৱৰণী
#সঁফুৰামৌচাকপঢ়াদিনবোৰ
#মল্লিকা দত্ত
সদায় চাইকেল খনেৰে স্কুললৈ অহা যোৱা কৰা, দেউতাৰ চাইকেলৰ আগফালে ওলোমাই লৈ ফুৰা কাপোৰৰ বেগটো আমাৰ ঘৰৰ আটাই কেইটাৰ বাবে যিমান আকৰ্ষণৰ উৎস, মায়ে স্কুললৈ লৈ যোৱা বেগটো সিমান নহয়! সেইসময়ত দেউতা আছিল এখন হাই স্কুলৰ প্ৰধান শিক্ষক,(পাছলৈ সেইখন বিদ্যালয়ৰে অধ্যক্ষ হৈছিলগৈ, উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ পাছত)।
যি নহওঁক, দেউতাই যেতিয়া আমাৰ ঘৰলৈ গড়াৰ দৰে এঢলীয়া ৰাস্তাটো চাইকেল লৈ নামি আহে, তেতিয়া এটা শব্দ হয়, আৰু সেই শব্দ আমাৰ পৰিচিত বাবে আমি যতে থাকোঁ, তাৰপৰাই আগ ফাল পাওঁহি। বিশেষকৈ মাহটোৰ প্ৰথম সপ্তাহ , কাৰণ টো হল কোনে দেউতাৰ বেগটোৰ পৰা প্ৰথমে সঁফুৰা আৰু মৌচাক খন লব পাৰে!(পাছলৈ প্ৰান্তিক, গৰিয়সী,প্ৰকাশ, টিংকল, চাঁদমামা ইত্যাদিও পঢ়িছিলোঁ)। দুয়োখন একেলগে সদায় নাহে, অলপ আগ পিছ হয় কেতিয়াবা। কিন্তু আমাৰ প্ৰতিযোগিতা হল কোনে আগতে পঢ়িব। আমি চাৰিটা ল'ৰা ছোৱালীৰ মাজত মই সবাতোকৈ ডাঙৰ, তাৰ পিছত, ভন্টি আৰু তাৰ পাছতে দুটা ভাইটি। ঘৰৰ ডাঙৰ হিচাপে প্ৰথম পঢ়াৰ অধিকাৰ মই পাওঁ😊, কিন্তু কিবা কাৰণত যদি ভন্টীৰ হাতত পৰে, তাইও এৰি নিদিয়ে। বিশেষকৈ সঁফুৰাৰ মহা দুষ্টৰ দুষ্ট বুদ্ধি পঢ়িছে মোক দিব😊। সৰু ভাইটি একেবাৰে সৰু বাবে তাৰ ইমান আপত্তি নাথাকে।কিন্তু ডাঙৰ ভাইটি আৰু ভন্টীৰ মাজত এখন ভাল যুদ্ধ হয়। মোৰ অধিকাৰ বেছি আছিল, কিয়নো দেউতাই দিছিল সেইখিনি, মোক সমৰ্থন দি😊। তদুপৰি সৰুতে মই কিতাপৰ পোক আছিলোঁ, ক'তো এটা ছপা আখৰ সাৰি নগৈছিল,দোকানৰ পৰা বস্তু অনা বাতৰি কাগজৰ ঠোঙাৰ পৰা চাবোনৰ পেকেট, বিস্কুটৰ পেকেটলৈ,এই সকলোবোৰ। পেকেটবোৰৰ ওপৰত লিখা কথা বোৰ, বুজাই নুবুজাই,সব পঢ়িছিলোঁ😊😊।(আলোচনীলৈ হোৱা যুদ্ধৰ আপত্তি আমি দেউতাক হে দিছিলো, মায়ে এইবিলাক ইমান গুৰুত্ব দিবলৈ সময়ে নাপাইছিল, ঘৰৰ কামৰ হেঁচাত!!)
এতিয়া মই কবলৈ বিচৰা কথাটো হৈছে, আমাক মা, দেউতাই যি দৰে বাহিৰা কিতাপ, আলোচনী বা বাতৰি কাকতৰ সেই সময়ত যোগান দিছিল, সিয়ে আমাৰ জীৱনত এক মুচিব নোৱাৰা প্ৰভাৱ পেলালে, যাৰ বাবে আমি বহু ক্ষেত্ৰত ,বিভিন্ন সময়ত আমাৰ জীৱনৰ ঘাট প্ৰতিঘাত নেওচি আগুৱাই যাব পাৰিছোঁ, বা জীৱন চলাই নিব পাৰি আছোঁ। এনে এটা দিন বোধহয় নাই, য'ত আমি সৰু কালৰ শিক্ষা বৰ্তমান কামত লগোৱা নাই। এতিয়াও এনে দৰে কিতাপ আলোচনীৰ মাজত থাকিহে ভাল লাগে।
যুগৰ লগত বহু কথাই সলনি হয়। আমিও সলনি হৈছো। এতিয়া social media ও বহুত হল। আমিও সেইবোৰৰ লগত জীৱন চলাই নিব লগা হৈছে।কিন্তু কিতাপ আলোচনীয়ে মানুহৰ জীৱনত যেনেদৰে স্থায়ীভাৱে প্ৰভাৱ বিস্তাৰ কৰে, social media ই তেনে প্ৰভাৱ পেলাব পাৰে বুলি মনে নধৰে!! আৰু কিতাপ আলোচনীয়ে দিয়া শৈশৱৰ মনোৰম স্মৃতি সুঁৱৰি যিমান সতেজতা অনুভৱ কৰা যায়, বাকী একোৱে সেই সত্তেজতা দিব পাৰিব বুলি বিশ্বাস নহয়!! হয়তো মোৰ অনুভৱ সকলোৰে বাবে একে নহবও পাৰে!!
, 🌼🌼🌼🌼🌼🌼🌼🌼🌼