Saturday, 27 June 2020

আন্তৰ্জাতিক চাহ দিৱস আৰু আত্মনিৰ্ভৰ অসম( International Tea Day and Self-reliant Assam):


২১ মে', ২০২০।  আন্তৰ্জাতিক চাহ দিৱস।  এইবাৰ এই দিৱস পোন প্ৰথম বাৰৰ বাবে উদযাপন কৰিবলৈ লোৱা হৈছে।২০১৯ বৰ্ষত এই দিৱস উদযাপনৰ বাবে সিদ্ধান্ত লোৱা হৈছিল, চাহৰ ক্ষেত্ৰ খনৰ প্ৰতি জনগণক সচেতন কৰাৰ লক্ষ্যৰে, আৰু এই উদ্দেশ্যৰেই  এইবৰ্ষৰ পৰা এই দিৱস পালন কৰিবলৈ লোৱা হৈছে।
অসমত চাহ উদ্যোগে ইয়াৰ অৰ্থনীতিত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰি আছে, তাক দোহাৰাৰ প্ৰয়োজন নাই, আমি সকলোৱে জানো।এক বৃহৎ সংখ্যক লোকক এই উদ্যোগে নিয়োগৰ সুবিধা প্ৰদান কৰিছে।এই ক্ষেত্ৰত আমি কিছু কথা নতুনকৈ চিন্তা কৰিবৰ হল।
১। চাহ খেতিৰ লগত জড়িত হৈ থকা কামসমূহ, যেনে পাত তোলা, ঔষধ মৰা, পুলি ৰোপণ আৰু যতন, গছত দেখা দিয়া বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে জ্ঞান অৰ্জন আদি কাম বোৰৰ বাবে কিছুমান প্ৰশিক্ষণ কেন্দ্ৰ ঠায়ে ঠায়ে হব লাগে। ইয়াৰ দ্বাৰা শিক্ষিত আৰু কৰ্মবিহীন কিছুমান লৰা ছোৱালীয়ে কৰ্ম সংস্থাপন পাব আৰু প্ৰশিক্ষিত হোৱা বাবে তেওঁলোক এইবোৰ কামত দক্ষ হ'ব।
২। প্ৰতি ১০০০ বিঘা ক্ষুদ্ৰ চাহ বাগিচাৰ বাবে একোটা ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপন কৰা প্ৰয়োজন, যাতে ক্ষুদ্ৰ চাহ খেতিয়কসকল আত্ম নিৰ্ভৰ হব পাৰে।ইয়াৰ বাবেও বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত ব্যক্তিৰ প্ৰয়োজন হব আৰু ফলত কৰ্ম সংস্থাপনৰ সুযোগ ওলাব।
৩। চাহৰ সমান্তৰালকৈ কৰিব পৰা আন আন খেতিৰ বিষয়ে ক্ষুদ্ৰ চাহ খেতিয়কক প্ৰশিক্ষিত কৰাৰ লগতে চৰকাৰী ভাবে তাৰ সুবিধা প্ৰদান কৰা দৰকাৰ। ই বাধ্যতামূলক হলে বহু সামগ্ৰীৰ ক্ষেত্ৰত স্ব নিৰ্ভৰ হব পৰা যাব। বহুতে তামোল,জালুকৰ খেতি কৰে। কিন্তু আৰু কি কি কৰিব পৰা যায়,সেইয়া বিজ্ঞজনৰ পৰা জনা ভাল।
৪। চাহ বাগিচাৰ মাজত ৰোপণ কৰিব লগা ছাঁ দিয়া গছ পুলিৰ নাৰ্ছাৰীৰ ও এক আত্ম নিৰ্ভৰ হব পৰা কাম।
৫। ছাঁ পুলি বোৰত দিব লগা বাঁহৰ"ঘেৰা", পাত তোলা টুকুৰী আদিয়েও কিছু লোকক স্ব নিৰ্ভৰ কৰিব পাৰে।
৬।বহু ক্ষেত্ৰত দেখা যায়, ডিচেম্বৰ- জানুৱাৰী মাহত চাহ গছ প্রোনিং কৰিব জনা মানুহৰ অভাৱ। এনে ক্ষেত্ৰত এই  কামৰ প্ৰশিক্ষিত এচামলোক থাকিলে, তেওঁলোকে seasonal income কৰিব পাৰিব।
৭। ক্ষুদ্ৰ চাহ খেতিয়ক আত্ম নিৰ্ভৰ হব পৰা সকলো সুবিধা চৰকাৰে প্ৰদান কৰিলে,  এইসকল খেতিয়কে বহু সকাহ পাব। কাৰণ নিজৰ ফেক্টৰী নথকা বাবে ডাঙৰ ডাঙৰ কোম্পানীৰ ফেক্টৰীৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় আৰু পাতৰ ভৰপক সময়ত তেওঁলোকে পাত লব নোৱাৰাৰ ফলত ক্ষুদ্ৰ খেতিয়কে পাত পেলাই দিব লগাৰ দৰে দুখদায়ক ঘটনা প্ৰতি বছৰেই সংঘটিত হয়।
৮। ক্ষুদ্ৰ চাহ খেতিৰ দ্বাৰা বহু নিবনুৱা সংস্থাপিত হৈছে। গতিকে এই কৃষি ক্ষেত্ৰখন আত্ম নিৰ্ভৰ হোৱা অত্যন্ত প্ৰয়োজন।
৯। আত্মনিৰ্ভৰ হ'বলৈ ল'ৰা -ছোৱালীক সৰুৰে পৰাই কিছুমান কামৰ প্ৰতি আগ্ৰহী কৰিব লাগিব। অসম যিহেতু চাহ উদ্যোগৰ ক্ষেত্ৰ খনত আন ৰাজ্যতকৈ আগ বঢ়া।গতিকে ইয়াৰ লগত জড়িত কৰ্মসমূহৰ বিষয়ে বিদ্যালয়ৰ পাঠ্য পুথিত অন্তৰ্ভুক্ত কৰিলে, শিশু কালৰ পৰাই তেওঁলোকে এইক্ষেত্ৰত দক্ষতা অৰ্জন কৰিবলৈ আগ্ৰহী হ'ব আৰু পৰৱৰ্তী সময়ত এইক্ষেত্ৰ খনত নিয়োজিত হব পাৰিব।
ব্যক্তিগত ভাবে এইক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ পৰা এনে চিন্তা বহু দিনৰ পৰাই মনলৈ আহি আছিল। বৰ্তমান প্ৰেক্ষাপটত প্ৰাসংগিক হব বুলি ব্যক্ত কৰিলো।
মল্লিকা দত্ত, তেজপুৰ
শোণিতপুৰ-৭৮৪০০১

Tuesday, 23 June 2020

সোঁৱৰণী

#সঁফুৰামৌচাকপঢ়াদিনবোৰ
#মল্লিকা দত্ত

সদায় চাইকেল খনেৰে স্কুললৈ অহা যোৱা কৰা, দেউতাৰ চাইকেলৰ আগফালে ওলোমাই লৈ ফুৰা কাপোৰৰ বেগটো আমাৰ ঘৰৰ আটাই কেইটাৰ বাবে যিমান আকৰ্ষণৰ উৎস, মায়ে স্কুললৈ লৈ যোৱা বেগটো সিমান নহয়! সেইসময়ত দেউতা আছিল এখন হাই স্কুলৰ প্ৰধান শিক্ষক,(পাছলৈ সেইখন বিদ্যালয়ৰে অধ্যক্ষ হৈছিলগৈ, উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ পাছত)।
যি নহওঁক, দেউতাই যেতিয়া আমাৰ ঘৰলৈ গড়াৰ দৰে এঢলীয়া ৰাস্তাটো চাইকেল লৈ নামি আহে, তেতিয়া এটা শব্দ হয়, আৰু সেই শব্দ আমাৰ পৰিচিত বাবে আমি যতে থাকোঁ, তাৰপৰাই আগ ফাল পাওঁহি। বিশেষকৈ মাহটোৰ প্ৰথম সপ্তাহ , কাৰণ টো হল কোনে দেউতাৰ বেগটোৰ পৰা প্ৰথমে সঁফুৰা আৰু মৌচাক খন লব পাৰে!(পাছলৈ প্ৰান্তিক, গৰিয়সী,প্ৰকাশ, টিংকল, চাঁদমামা ইত্যাদিও পঢ়িছিলোঁ)। দুয়োখন একেলগে সদায় নাহে, অলপ আগ পিছ হয় কেতিয়াবা। কিন্তু আমাৰ প্ৰতিযোগিতা হল কোনে আগতে পঢ়িব। আমি চাৰিটা ল'ৰা ছোৱালীৰ মাজত মই সবাতোকৈ ডাঙৰ, তাৰ পিছত, ভন্টি আৰু তাৰ পাছতে দুটা ভাইটি। ঘৰৰ ডাঙৰ হিচাপে প্ৰথম পঢ়াৰ অধিকাৰ মই পাওঁ😊, কিন্তু কিবা কাৰণত যদি ভন্টীৰ হাতত পৰে, তাইও এৰি নিদিয়ে। বিশেষকৈ সঁফুৰাৰ মহা দুষ্টৰ দুষ্ট বুদ্ধি পঢ়িছে মোক দিব😊। সৰু ভাইটি একেবাৰে সৰু বাবে তাৰ  ইমান আপত্তি নাথাকে।কিন্তু ডাঙৰ ভাইটি আৰু ভন্টীৰ মাজত এখন ভাল যুদ্ধ হয়। মোৰ অধিকাৰ বেছি আছিল,  কিয়নো দেউতাই দিছিল সেইখিনি, মোক সমৰ্থন দি😊। তদুপৰি সৰুতে মই কিতাপৰ পোক আছিলোঁ,   ক'তো এটা ছপা আখৰ সাৰি নগৈছিল,দোকানৰ পৰা বস্তু অনা বাতৰি কাগজৰ ঠোঙাৰ পৰা চাবোনৰ পেকেট, বিস্কুটৰ পেকেটলৈ,এই সকলোবোৰ। পেকেটবোৰৰ ওপৰত লিখা কথা বোৰ, বুজাই নুবুজাই,সব পঢ়িছিলোঁ😊😊।(আলোচনীলৈ হোৱা যুদ্ধৰ আপত্তি আমি দেউতাক হে দিছিলো, মায়ে এইবিলাক ইমান গুৰুত্ব দিবলৈ সময়ে নাপাইছিল, ঘৰৰ কামৰ হেঁচাত!!)


এতিয়া মই কবলৈ বিচৰা কথাটো হৈছে, আমাক মা, দেউতাই যি দৰে  বাহিৰা কিতাপ, আলোচনী বা বাতৰি কাকতৰ সেই সময়ত যোগান দিছিল, সিয়ে আমাৰ জীৱনত এক মুচিব নোৱাৰা প্ৰভাৱ পেলালে, যাৰ বাবে আমি বহু ক্ষেত্ৰত ,বিভিন্ন সময়ত আমাৰ জীৱনৰ ঘাট প্ৰতিঘাত নেওচি আগুৱাই যাব পাৰিছোঁ, বা জীৱন চলাই নিব পাৰি আছোঁ। এনে এটা দিন বোধহয় নাই, য'ত আমি সৰু কালৰ শিক্ষা বৰ্তমান কামত লগোৱা নাই। এতিয়াও এনে দৰে কিতাপ আলোচনীৰ মাজত থাকিহে ভাল লাগে। 

যুগৰ লগত বহু কথাই সলনি হয়। আমিও সলনি হৈছো। এতিয়া social media ও বহুত হল। আমিও সেইবোৰৰ লগত জীৱন চলাই নিব লগা হৈছে।কিন্তু কিতাপ আলোচনীয়ে মানুহৰ জীৱনত যেনেদৰে স্থায়ীভাৱে প্ৰভাৱ বিস্তাৰ কৰে, social media ই তেনে প্ৰভাৱ পেলাব পাৰে বুলি মনে নধৰে!! আৰু কিতাপ আলোচনীয়ে দিয়া শৈশৱৰ মনোৰম স্মৃতি সুঁৱৰি যিমান সতেজতা অনুভৱ কৰা যায়, বাকী একোৱে সেই সত্তেজতা দিব পাৰিব বুলি বিশ্বাস নহয়!! হয়তো মোৰ অনুভৱ সকলোৰে বাবে একে নহবও পাৰে!!
,             🌼🌼🌼🌼🌼🌼🌼🌼🌼