আজি কালি একেবাৰে দেখিবলৈ নোপোৱাৰ দৰে হোৱা খেৰী ঘৰবোৰলৈ কেতিয়াবা বৰকৈ মনত পৰে।
প্ৰায় ৯০ দশক মানলৈকে খেৰী ঘৰৰ প্রাদুৰ্ভাৱ আছিল। আমিও খেৰী ঘৰতে সৰু কালতো কটাইছোঁ। আজি মই ক'বলৈ বিচৰা কথাটো হৈছে, খেৰী ঘৰৰ লগতে নাইকিয়া হৈ যোৱা সমাজৰ কিছু অনুভৱ, আত্মীয়তা আৰু সেই সময়ৰ কৰ্মস্পৃহা।
আমি যেতিয়া সৰু আছিলোঁ, ঘৰবোৰ কেঁচা ঘৰ আছিল, আৰু ঘৰৰ ওপৰৰ চাল খন খেৰেৰে সজা হৈছিল। সম্ভবতঃ বছৰত একোবাৰ খেৰবোৰ সলনি কৰা হৈছিল ! অলপ পাহৰিছো। কিন্তু যি দিনা খেৰ বোৰ সলাবলৈ লয়, আমাৰ বৰ ফুৰ্তি লাগিছিল। চাল নথকা ঘৰ খন পোহৰেৰে ভৰি পৰিছিল! সাধাৰণতে খৰালি কালত এই কাম কৰা হৈছিল।
আমাৰ গাঁৱত পোনাদা বুলি এজন ব্যক্তি আছিল। যিমান বয়স হলেও, সৰু ডাঙৰ সকলোৱে তেখেতক পোনাদা বুলিয়ে মাতিছিল। এই পোনাদাই আমাৰ গাঁৱৰ সকলোৰে খেৰী ঘৰ সজা কাম কৰিছিল। তেখেতৰ কাম ইমান নিখুঁত আছিল যে, গাঁৱৰ মানুহে এই কামত আন কাকো লগাব বিচৰা নাছিল। পোনাদা বৰ ফূৰ্তিবাজ মানুহ আছিল। যতেই গৈছিল, সকলোৰে মুখত হাঁহি বিৰিঙাই আহিছিল। আৰু ঘৰ সজা কাম কৰি থাকোঁতেও হাঁহি মাতি, গান গাই কাম কৰিছিল। অকল সেয়ে নহয়, বাঁহেৰে পাচি,খৰাহী, বিচনী, মাছ ধৰা চেপা, খোকা আদি সজাত ও পাকৈত আছিল। তেওঁ আঁঠুমূৰত ধূতিখন পিন্ধি গান গাই গাই কাম কৰি থকা দৃশ্য এতিয়াও চকুৰ আগত ভাহি আহে।
এইজন মানুহ যাৰ ঘৰলৈকে নাযাওঁক লাগে, সকলোৱে বৰ আদৰ সাদৰ কৰে। তেখেতৰ ছোৱালী নাছিল। আমাৰ ঘৰলৈ আহিলে আমাক জোকাই কয়( মোক আৰু ভণ্টিক), দেউতাৰে তহঁতক পিটিলে কবি, ময়ে লৈ যাম 😊। আমি দেখিছিলোঁ, দেউতাইয়ো তেখেতৰ লগত বৰ সমীহ কৰি কথা পাতিছিল ।
আজি মোৰ পোনাদা ৰ কথা ক'বলৈ মন গল, এই যে সেই সময়ৰ এনে কৰ্মোদ্যমী মানুহবোৰ, যি নিয়াৰিকৈ কাম কৰে, আৰু গাঁৱৰ মানুহ যি কোনো অসুবিধাত পৰিলে সহায়ৰ বাবে আগবাঢ়ি যায়,আজি কালি তাক একেবাৰে সহজলভ্য নহয়! টকাৰ বিনিময়ত কিছুমান মানুহে এইবোৰ কাম কৰে, কিন্তু তাত যেন কোনো প্ৰাণ নাই। খেৰী ঘৰ সজা দিনটো আমাৰ এক উৎসৱ যেনেই লাগিছিল। ইজন সিজন কৈ মানুহ বোৰ আহি আহি চাই যায়, খেৰৰ মুঠি দুটামান পেলাই ও সহায় কৰি যায়।তাৰ মাজতে এখন দুখন তামোলৰ জুতি লয়। এতিয়া সেই দিনবোৰ মনত পৰিলে বৰ ভাল লাগে। কাৰোবাৰ ঘৰ সজা কাম টোত যেন গাৱঁৰ সকলোৰে দায়িত্ব!! এই আপোনতাবোৰ যেন খেৰী ঘৰৰ লগতে হেৰাই গ'ল!!
অস্থায়ী খেৰী ঘৰবোৰৰ বাবে মনত স্থায়ীকৈ ৰৈ যোৱা মৰমবোৰ, অনুভৱবোৰ আজিৰ কংক্ৰীটৰ ঘৰবোৰত বিচাৰি পাবলৈ নোহোৱা হ'ল !! 😔
#মল্লিকা দত্ত,তেজপুৰ